মুকলি হ'ল ডেকাৰগাঁও ডিব্ৰুগড় ইন্টাৰচিটী এক্সপ্ৰেছ

মুকলি হ'ল ডেকাৰগাঁও ডিব্ৰুগড় ইন্টাৰচিটী এক্সপ্ৰেছ

সোমবাৰে ডেকাৰগাঁও-ডিব্ৰুগড় ইন্টাৰচিটী এক্সপ্ৰেছ উত্তৰ পূবত সীমান্ত ৰেলৰ জেষ্ঠ্য বিষয়া সন্তোষ কুমাৰ শৰ্মাই মুকলি কৰে । এক বিশেষ তথ্য অনুসৰি এই ইন্টাৰচিটীখনে তেজপুৰৰ পৰা ডিব্ৰুগড় ৰ পৰা বগীবিলক সংযোগ কৰিব। মুকলি হোৱাৰ প্ৰথম দিনাই ডেকাৰগাঁও ডিব্ৰুগড় ইন্টাৰচিটী ৰেলে প্ৰায় ১০০ শতাংশ যাত্ৰীয়ে যাত্ৰা কৰিবৰ কাৰণে টিকেট বুক কৰে ৷

লগতে যাত্ৰীসকলে কয় যে দীৰ্ঘ সময় ধৰি লোকসকলৰ এটি প্ৰয়োজন পুৰণ হ'ল ৷ইফালে এই নতুন ইন্টাৰচিটীখনে প্ৰত্যেক দিনে নিৰ্ধাৰিত সময়ত যাত্ৰা কৰিব ৷এই ইন্টাৰচিটীখনে তেজপুৰৰ ডেকাৰগাঁও,উত্তৰ ৰঙাপাৰা,বালিপাৰা, বিশ্বনাথ চাৰিআলি,হেলেম গহপুৰ,তাঁতিবাহাৰ, হাৰমতি,উত্তৰ লক্ষীমপুৰ,গ'গোমুখ, ধেমাজী,টঙানি আৰু ধামালগাঁওক সংযোগ কৰিব ৷নতুনকৈ মুকলি কৰা ইন্টাৰচিটীখনত দ্বিতীয় শ্ৰেণী,পাঁচটা দ্বিতীয় শ্ৰেণী কোচ,১১ টা এচএলআৰ কোচ আছে ৷

উল্লেখ্য যে ডেকাৰগাঁও আৰু ডিব্ৰুগড় ইন্টাৰচিটী এক্সপ্ৰেছ ছয় মাহলৈকে প্ৰাথমিক ভাৱে চলোৱা হ'ব । ইন্টাৰচিটী এক্সপ্ৰেছ ভাৰতৰ এনেধৰণৰ এক ৰেল সেৱা য'ত ভাৰতৰ মুখ্য ষ্টেশ্যন আৰু ৰাজ্যৰ ৰাজধানীসমূহক সংযোগ কৰে। য'ত যাত্ৰীসকলে বহিব পাৰে। এই ৰেলৰ গতি যথেষ্ট ক্ষিপ্ৰ ৷ প্ৰথম ইন্টাৰচিটী ৰেল ১৯০৬ চনত ভাৰতত এক ৰাজ্যৰ পৰা আন এক ৰাজ্যক সংযোগ কৰিছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Passenger saved from getting run over by train in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com