বানাক্ৰান্তলৈ ছয় কোটি টকাৰ সাহাৰ্য্য প্ৰদান এইচডিএফচি বেংকৰ

বানাক্ৰান্তলৈ ছয় কোটি টকাৰ সাহাৰ্য্য প্ৰদান এইচডিএফচি বেংকৰ

ৰাজ্যৰ বানাক্ৰান্ত লোকসকললৈ এইচডিএফচি বেংকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কোষলৈ ছয় কোটি টকা প্ৰদান কৰে ৷ আৰু ৰাজ্যৰ ১৫ খন বিদ্যালয়ৰ দায়িত্ব লয় । বেংকে বানাক্ৰান্ত সকললৈ লোৱা বিভিন্ন পদক্ষেপৰ ভিতৰত আছে বিদ্যালয় আৰু গাঁৱত স্বাস্থ্য শিবিৰ,জৰুৰীকালীন সামগ্ৰী বিতৰণ,বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ পুনৰ নবীকৰণ আদি ৷

উল্লেখ্য যে চলিত বৰ্ষতগুৱাহাটীৰ ফিডিং ইণ্ডিয়াই চাউল,দালি,মুড়ী,বিস্কুট,গুড়,পানীৰ বটল,চাবুন,চাৰ্ফ, এন্টিচেপ্টিক মলম,আলু আদি ৭৫০ ৰো অধিক সাহাৰ্য্যক একত্ৰিত কৰি বিতৰণ কৰা হৈছে ৷ ইয়াৰোপৰি মেছ বক্স,কিছুমান আৱশ্যকীয় ঔষধৰ লগতে মৰিগাঁও জিলাৰ বানাক্ৰান্ত লোকসকলক ২০০০তকৈ অধিক কাপোৰ প্ৰদান কৰাৰ লগতে বহু সামগ্ৰী প্ৰদান কৰে ৷

আনহাতে অন্যান্য এন জি অ’ আৰু এফএএচচিইয়ে বানাক্ৰান্ত লোকসকলক সাহাৰ্য্য প্ৰদান কৰে ৷জোনাইত এফএএছচিইৰ দলে ৰাজাখানা, ৰায়েং,ধৰ্মাপুৰ, সুৰমপুৰিয়া আৰু কাৰ্ডুংচুত ৪০০ পৰিয়ালৰ মাজত সাহাৰ্য্য প্ৰদান কৰে ৷গুৱাহাটীতো নাৰেংগী আৰু সাতগাঁৱৰ প্ৰায় ৩০২ গৰাকী বানাক্ৰান্তৰ মাজত এচএফএচ বিদ্যালয়ে বানাক্ৰান্ত লোকসকলৰ মাজত সামগ্ৰী বিতৰণ কৰিছে ।

প্ৰলয়ংকাৰী বানে সকলো শেষ কৰাৰ পিছত এতিয়া প্ৰান্তে প্ৰান্তে ভূমিস্খলন আৰু গৰাখহনীয়াই লোকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । সমান্তৰালকৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত জন জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ভূমিস্খলনে । গুৱাহাটীৰ প্ৰায় ২০০ টা পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে । চলিত বৰ্ষৰ এপ্ৰিল আৰু মে মাহত এই এই লোকসকললৈ জাননী প্ৰেৰণ কৰিছিল । কিন্তু পৰিয়াল কেইটায়ে জাননী খন গুৰুত্ব নিদি নিজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । ইয়াক লৈ চিন্তিত হৈ পৰিছে কামৰূপ ( মেট্ৰ) , জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষ।

জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে, বিজ্ঞান সন্মত আৰু অপৰিকল্পিত ভাৱে নিৰ্মান কৰা বাসগৃহ সমূহে সমস্যাত পেলাইছে । লোকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । ২০১৪ চনত ভূমিস্খলনৰ ফলত ১৬ জন লোক ৰ মৃত্যু হৈছিল । ২০১৬ চনত ৬ জন, ২০১৭ চনত ১ জন , ২০১৮ চনত ৩ জন আৰু ২০১৯ চনত ১ জনৰ মৃত্যু হৈছে ভূমিস্খলনৰ ফলত ।

গুৱাহাটীৰ বাবে এতিয়া কৃটিম বানপানীৰ দৰেই ভূমিস্খলনটো এটা বৃহৎ সমস্যা হিচাপে পৰিগণিত হৈছে । মহানগৰত অপৰিকল্পিত ভাৱে নিৰ্মান কৰা আৰু বৈজ্ঞানিক সন্মত নোহোৱাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে । গুৱাহাটীৰ ১৯ টা পাহাৰত দখল কৰি আছে লোকসকলে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:OIL celebrates 60th Annual General Meeting in Duliajan | The Sentinel News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com