Begin typing your search above and press return to search.

কা-ৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা ধেমাজি জিলা ছাত্ৰ সন্থাৰ

কা-ৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা  ধেমাজি জিলা ছাত্ৰ সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Feb 2020 7:07 AM GMT

কা-ৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা ধেমাজি জিলা ছাত্ৰ সন্থাৰ। নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ তীব্ৰ বিৰোধিতা কৰি ধেমাজি জিলা ছাত্ৰ সন্থাই মাহজোৰা আন্দোলনৰ ঘোষণা কৰিলে । লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংগঠনটোৱে ধেমাজিৰ কছাৰী ময়দানত ৩০ ঘন্টীয়া গণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে।

ধেমাজি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° বুধিন্দ্ৰ বৰুৱা , প্ৰাক্তন ছাত্ৰ নেতা কৃষ্ণ প্ৰসাদ বুঢ়াগোহাঁই আৰু নৰেন কোঁৱৰৰ দ্বাৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ দ্বাৰা এই আন্দোলন কাৰ্যসূচীৰ আৰম্ভণি হয়। ২২ ফেব্ৰুৱাৰী পুৱা ৮ বজাৰ পৰা ২৩ ফেব্ৰুৱাৰী বিয়লি ২ বজালৈ এই আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। সংগঠনটোৰ শতাধিক নেতা -কৰ্মীৰ উপৰি আন বিভিন্ন সংগঠনৰ নেতা -কৰ্মী তথা সাধৰণ লোকেও অংশগ্ৰহণ কৰে এই আন্দোলনত ।

সদৌ অসম ছাত্ৰ সন্থাৰ জিলা উপ- সভাপতি চিত্ত ৰঞ্জন বসুমতাৰী, কাৰ্যবাহী সদস্য মন্তুৰাজ বৰুৱা, ধেমাজি আছুৰ সভাপতি দীপক শৰ্মা ,সাধাৰণ সম্পাদক কল্যাণ গগৈ,ধেমাজি জিলাৰ সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি উমেশ খাণ্ডেলিয়া, আৰু বহু লোকে এই গণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলাৰ বিভিন্ন স্থানৰ লোকে এই আন্দোলন কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়ায়।

আনহাতে, ১৬ ফেব্ৰুৱাৰী ছহিদ উদ্যানৰ কাৰ্যসূচীত লোৱা সিদ্ধান্ত অনুসৰি ধেমাজি আছুৱে পৰৱৰ্তী ৩০ দিনত ঘৰে ঘৰে গৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ কথা । এই পদক্ষেপৰ দ্বাৰা জনতা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থিয় দিব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰে। ১ মাৰ্চত জিলা ছাত্ৰ সন্থাই সকলো আঞ্চলিক ক্ষেত্ৰতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৈঠক অনুষ্ঠিত কৰিব । তাৰ পিছতেই ৩ আৰু ৪ মাৰ্চত উক্ত আইন বাতিলৰ দাবীত বাইক ৰেলী উলিয়াব বুলি সন্থাই জনায় ।

ইপিনে, অহা ৬ মাৰ্চত সংগঠনটোৱে চিলাপথাৰত নাগৰিকত্ব সংশোধনী আইন আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে বিৰুদ্ধে "সংকল্প সমাৰোহ" আয়োজন কৰাৰ কথা ঘোষণা কৰিছে জিলা ছাত্ৰ সন্থাই।

উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। তদুপৰি কিছুদিন পূৰ্বে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ডিজিটেল পদ্ধতিৰে কৰাৰ বাবেও এক ৱেবছাইটৰ মুকলি কৰে । ৱেবছাইটটো হ'ল www.assamagainstcaa.in ।

অন্য খবৰৰ বাবে পঢ়ক : ঐতিহাসিক শিৱদৌলৰ মহাশিৱৰাত্ৰি উদ্বোধন ৰাজ্যপাল জগদীশ মুখীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Assam government to provide arsenic-free drinking water in river island Majuli

Next Story
চাকৰি