Begin typing your search above and press return to search.

ঐতিহাসিক শিৱদৌলৰ মহাশিৱৰাত্ৰি উদ্বোধন ৰাজ্যপাল জগদীশ মুখীৰ

ঐতিহাসিক শিৱদৌলৰ মহাশিৱৰাত্ৰি উদ্বোধন ৰাজ্যপাল জগদীশ মুখীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Feb 2020 8:57 AM GMT

ঐতিহাসিক শিৱদৌলৰ মহাশিৱৰাত্ৰি উদ্বোধন ৰাজ্যপাল জগদীশ মুখীৰ। কালিৰে পৰা আৰম্ভ হল শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ মহা শিৱৰাত্ৰি।এই মহা শিৱৰাত্ৰি উদ্বোধন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল মুখীয়ে কয় যে আহোম ৰজাসকলে অসমৰ প্ৰতিটো ক্ষেত্ৰলৈ মহত্বপূৰ্ণ অৱদানৰ আগবঢ়াইছিল । বিশেষকৈ সমাজৰ স্থাপত্য শিল্প, ভাষ্কৰ্য্য, সু-শাসন আদিলৈ আহোমৰ অৱদান অবিস্মৰণীয়।

তেওঁ আহোম ৰজা সকলৰ অৱদানৰ স্মৃতি ৰোমান্থন কৰে আৰু আহোম যুগৰ স্থাপত্যৰ প্ৰশংসা কৰে। লগতে তেওঁ কয় যে জিলা খনত পৰ্যটকৰ বাবে উচিত স্থল কৰি গঢ়ি তুলিব পাৰি আৰু শিৱসাগৰৰ স্মৃতি সৌধসমূহ সংৰক্ষণৰ বাবে একত্ৰিত হৈ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শিৱসাগৰৰ জনসাধাৰণক জিলাখনক দেশৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ বাবে এক গোট হৈ কাম কৰিবলৈ আহ্বান জনায়।

ৰাজ্যপাল মুখীয়ে মহা শিৱৰাত্ৰিৰ মহত্ব সম্পৰ্কেও বক্তব্য আগবঢ়ায় আৰু ভক্ত প্ৰাণ ৰাইজকে মহা শিৱৰাত্ৰিত অংশ ল'বলৈ আহ্বান জনায় ।

তেওঁ কয় যে শিৱদৌল দেশৰ সৰ্বশ্ৰেষ্ঠ শিৱ মন্দিৰ সমূহৰ ভিতৰত এটা । যিয়ে সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষিত কৰে। সেয়েহে জিলা তথা ৰাজ্যৰ সকলো জনসাধাৰণে মন্দিৰৰ ঐতিহাসিক বিষয় সমূহ জনাটো অতি গুৰুত্বপূৰ্ণ।

তেওঁ ২০২০-২১ ৰ কেন্দ্ৰীয় বাজেটত ঘোষিত পাচঁটা বিশেষ পুৰাতাত্ত্বিক ক্ষেত্ৰত শিৱসাগৰক অন্তৰ্ভুক্ত কৰাটো ক্ষেত্ৰত সক্ষম হ'বলৈ জিলা উপায়ুক্তই লোৱা পদক্ষেপক প্ৰশংসা কৰে।

মহা শিৱৰাত্ৰিৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি ৰাজ্যপাল মুখীয়ে সকলো ভক্তপ্ৰাণ ৰাইজকে মহা শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰে। লগতে তেওঁ সকলোকে ভাতৃত্ববোধ গঢ়ি তুলিবলৈ আহ্বান জনায়।

এই সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা উপায়ুক্ত ড° এম এছ লক্ষ্মীপ্ৰিয়া , শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি আৰু তৃতীয় আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ কমিটীৰ সভাপতি গংগা প্ৰসাদ বৰগোহাঁই, ব্যৱসায়ী জয়ন্ত বৰুৱাৰ লগতে আন বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

অন্য খবৰৰ বাবে পঢ়ক : বুৰঞ্জী প্ৰসিদ্ধ সকলো তথ্য পাতিৰে ডিজিটাইজ কৰিব বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগে

ভিডিঅ প্ৰতক্ষ্য কৰক : Closing Ceremony of National Level Campaign on “Swachh Bharat Abhiyaan” by Railway Childline

Next Story
চাকৰি