ধেমাজি বিস্ফোৰণৰ ৰায়: ৬ জনক দোষী সাব্যস্ত, ৪ জনক যাৱৎজীৱন কাৰাদণ্ড

ধেমাজি বিস্ফোৰণৰ ৰায়: ৬ জনক দোষী সাব্যস্ত, ৪ জনক যাৱৎজীৱন  কাৰাদণ্ড

আজি ধেমাজি বোমা বিস্ফোৰণ ৰায় দিয়ে ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে । ধেমাজি বোমা বিস্ফোৰণৰ ১৫ জন অভিযুক্তৰ ৬ জনক দোষী সাব্যস্ত । ৮ জনক উপযুক্ত সাক্ষী প্ৰমাণ নথকাৰ বাবে ৰেহাই দিয়া হয় । মুল অভিযুক্ত ৰচিদ ভৰালী বৰ্তমানেও পলাতক ।

মুহী সন্দিকৈ , যতীন দুৱৰী , দীপাঞ্জলী গোহাঁই , লীলা গগৈ ওৰফে লীলা খানক যাৱৎজীৱন কাৰাদণ্ডৰ ৰায় ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালত ৷ আনহাতে প্ৰশান্ত ভূঞা ,হেমেন গগৈক চাৰি বছৰৰ কাৰদণ্ডৰ ৰায় ৷

সাক্ষী প্ৰমাণ নোহোৱাৰ বাবে জয়া চুতীয়া, মিন বৰুৱা, জিতেন চুতীয়া, অপ্সৰা বৰুৱা, গোবিন কলিতা, জয়চন্দ্ৰ চুতীয়া, চন্দ্ৰনাথ গগৈ,মোহন চুতীয়া মুঠ ৮ জন ক আদালতৰ ৰেহাই ৷ সাক্ষী প্ৰমাণ নোহোৱাৰ বাবে ৰেহাই এই আঠজনক ৷

২০০৪ চনৰ ১৫ আগষ্ট ধেমাজিত ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হৈছিল । পুৱা প্ৰায় ৯:৩০ বজাত ধেমাজি কলেজৰ প্ৰাংগনত এই ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হৈছিল । এই বিস্ফোৰণত প্ৰায় ১৮ জন লোক নিহত হোৱাৰ লগতে ৪০ ৰো অধিক লোক গুৰুত্বৰ ভাবে আহত হৈছিল । নিহত সকলৰ ভিতৰত অধিকাংশয়ে ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুও আছিল ।১৫ বছৰে ধেমাজি বিস্ফোৰণৰ গোচৰ ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালত বিচাৰধীন হৈ আছে । ৫৫ গৰাকীয়ে সাক্ষ্যদান কৰিছিল ।

তথ্য মতে ধেমাজিৰ এই বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত ১৫ জন লোকক আটক কৰিছিল । অভিযুক্ত সকল জতিন দেউৰী ওৰফে ৰংমন, লীলা খান, দিপাঞ্জলী গোঁহাই, মুহি হেন্দিক, প্ৰশান্ত ভূঞা, মোহন চুতিয়া, চন্দ্ৰ নাথ গগৈ, হোমেন গগৈ, গোবিন কলিতা , জয় চন্দ্ৰ চুতিয়া, অপস্বৰা বৰুৱা, জয়া চুতিয়া, জিটেন চুতিয়া, মীন বৰুৱা আৰু ৰছিদ ভৰালীৰ বিৰুদ্ধে শ্বাৰ্টচিট দাখিল কৰিছিল। ৫৫ গৰাকীয়ে সাক্ষ্যদান কৰিছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com