২০০৪ চনৰ ধেমাজি বিস্ফোৰণ: বৃহস্পতিবাৰে ৰায়দান দিব কোৰ্টে

২০০৪ চনৰ ধেমাজি বিস্ফোৰণ: বৃহস্পতিবাৰে ৰায়দান দিব কোৰ্টে

২০০৪ চনৰ ১৫ আগষ্ট ধেমাজিত ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হৈছিল । পুৱা প্ৰায় ৯:৩০ বজাত ধেমাজি কলেজৰ প্ৰাংগনত এই ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হৈছিল । এই বিস্ফোৰণত প্ৰায় ১৮ জন লোক নিহত হোৱাৰ লগতে ৪০ ৰো অধিক লোক গুৰুত্বৰ ভাবে আহত হৈছিল । নিহত সকলৰ ভিতৰত অধিকাংশয়ে ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুও আছিল ।

সুদীৰ্ঘ ১৫ বছৰৰ পাছত কাইলৈ অৰ্থাৎ বৃহস্পতি বাৰ , ২০ জুন ২০১৯ ত কোৰ্টে ৰায় প্ৰদান কৰিব ধেমাজি এই বিস্ফোৰণৰ । ১৫ বছৰে ধেমাজি বিস্ফোৰণৰ গোচৰ ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালত বিচাৰধীন হৈ আছে । ৫৫ গৰাকীয়ে সাক্ষ্যদান কৰিছিল ।

তথ্য মতে ধেমাজিৰ এই বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত ১৫ জন লোকক আটক কৰিছিল । অভিযুক্ত সকল জতিন দেউৰী ওৰফে ৰংমন, লীলা খান, দিপাঞ্জলী গোঁহাই, মুহি হেন্দিক, প্ৰশান্ত ভূঞা, মোহন চুতিয়া, চন্দ্ৰ নাথ গগৈ, হোমেন গগৈ, গোবিন কলিতা , জয় চন্দ্ৰ চুতিয়া, অপস্বৰা বৰুৱা, জয়া চুতিয়া, জিটেন চুতিয়া, মীন বৰুৱা আৰু ৰছিদ ভৰালীৰ বিৰুদ্ধে শ্বাৰ্টচিট দাখিল কৰিছিল। ৫৫ গৰাকীয়ে সাক্ষ্যদান কৰিছিল । ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰধীন ধেমাজি বিস্ফোৰণৰ গোচৰ ।

এই ভয়াবহ বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল আলফা স্বাধীনে। আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱায়ে বিস্ফোৰণ সংঘটিত কৰাৰ ৫ বছৰৰ পিছত ১৮ বিদ্যালয়ৰ শিশু নিহত হোৱাত দুঃখিত বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি কলেজত স্বাধীনতা দিৱসৰ উপলক্ষ্যে ছাত্ৰ ছাত্ৰীৰ লগতে বহুতো লোক সমবেত হৈছিল । স্বাধীনতা দিৱসৰ বাবে পেৰেড অনুষ্ঠিত হৈছিল । সেইসময়তে প্ৰায় ৯:৩০ ত সেই ভয়াবহ বোমা বিস্ফোৰণটো সংঘটিত হয় । এই বিস্ফোৰণত ১৮ জনতকৈ অধিন লোক নিহত হৈছিল ।নিহত সকলৰ ভিতৰত অধিকাংশয়ে ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশু আছিল । আৰক্ষীৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে আলফায়ে বোমাটো কলেজ গেটৰ সমিপত সংস্থাপন কৰিছিল আৰু ৰিমোট কন্ট্ৰলেৰে বিস্ফোৰণটো সংঘটিত কৰা হৈছিল । ছাত্ৰ ছাত্ৰী আৰু শিক্ষক বিদ্যালয়ৰ গেটত সমবেত হোৱাৰ সময়ত এই বিস্ফোৰণটো সংঘটিত কৰে ।

১৫ বছৰে ধেমাজি বিস্ফোৰণৰ গোচৰ ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালত বিচাৰধীন হৈ আছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com