Begin typing your search above and press return to search.

বানপীড়িতসকললৈ ১ লাখ টকাৰ সাহাৰ্য প্ৰদান দিচাং ৰিচ’ৰ্টৰ স্বত্তাধিকাৰী দিলীপ গগৈৰ

বানপীড়িতসকললৈ ১ লাখ টকাৰ সাহাৰ্য প্ৰদান দিচাং ৰিচ’ৰ্টৰ স্বত্তাধিকাৰী দিলীপ গগৈৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Aug 2019 9:44 AM GMT

সোনাপুৰৰ দিচাং ৰিচ’ৰ্টৰ স্বত্তাধিকাৰী দিলীপ গগৈয়ে ৰাজ্যৰ বানপীড়িতসকললৈ সাহাৰ্য আগবঢ়াইছে ৷ মংগলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক জনতা ভৱনত সাক্ষাৎ কৰে দিচাং ৰিচ’ৰ্টৰ গৰাকী দিলীপ গগৈয়ে ৷আৰু মুখ্যমন্ত্ৰী সোনোৱালক ১ লাখ টকা আগবঢ়াই ৷ ৰাজ্যৰ বান পীড়িতসকললৈ সাহাৰ্য আগবঢ়োৱা সময়ত গুণকান্ত গগৈ,জানমণি গগৈ আৰু পংকজ গগৈ উপস্থিত আছিল ৷

ইফালে চলিত বৰ্ষত বানত আক্ৰান্তলোকসকলৰ সহায়ৰ কাৰণে জনসাধাৰণৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত লোকসকল আগবাঢ়ি আহিছে ৷ ইয়াৰ ভিতৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে মুখ্যমন্ত্ৰী পুঁজিলৈ ৫ কোটি প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে । উত্তৰাখণ্ড চৰকাৰে কেইদিনমানৰ আগতে বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ৫ কোটি টকা প্ৰদান কৰিছিল ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক এই সাহাৰ্য্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে তেওঁ প্ৰকাশ কৰে যে, অসমৰ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ সাহাৰ্য্যয়ে যথেষ্ট সহায় কৰিব।

আনহাতে অসমলৈ উত্তৰাখণ্ড চৰকাৰে ৫ কোটি টকাৰ বান সাহাৰ্য্য প্ৰদান কৰিছে । অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ৫ কোটি টকা প্ৰদান কৰিছে উত্তৰাখণ্ড চৰকাৰে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগে ধন্যবাদ জ্ঞাপন কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল প্ৰকাশ কৰে , ” অসমৰ বান সাহাৰ্য্য হিচাপে ৫ কোটি আগবঢ়োৱাৰ বাবে ধন্যবাদ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ।

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্ছনে বান বিধস্ত অসমলৈ ৫১ লাখ বান সাহাৰ্য্য প্ৰদান কৰিছে। অসম আৰু কেৰেলাক বৰ্তমান সকলোৰে সহায়ৰ প্ৰয়োজন । অসমৰ এনে দুৰ্যোগৰ সময়ত মেগাষ্টাৰ অমিতাভ বচ্ছনে ৫১ লাখ টকাৰ বান সাহাৰ্য্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ।

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা অনুদান আগবঢ়াইছে ।যতিন বৰায়ে ১ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত অৰ্পণ কৰে। লগতে জনপ্ৰিয় অভিনেতা জনে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ সমগ্ৰ দেশবাসীকে আহ্বান জনাই ।ৰিয়ান পৰাগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে । আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসম কন্যা , ছবি নিৰ্মাতা ৰিমা দাসে অসমৰ বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: বান বিধস্ত অসম: সংগীতৰ জৰিয়তে অসমক পুনৰ গঢ়িবলৈ আহ্বান সংগীত শিল্পীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক :

https://www.youtube.com/watch?v=jMqDryZGcU0

Next Story
চাকৰি