Begin typing your search above and press return to search.

বান বিধস্ত অসম: সংগীতৰ জৰিয়তে অসমক পুনৰ গঢ়িবলৈ আহ্বান সংগীত শিল্পীৰ

বান বিধস্ত অসম: সংগীতৰ জৰিয়তে অসমক পুনৰ গঢ়িবলৈ আহ্বান সংগীত শিল্পীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Aug 2019 11:28 AM GMT

বানে কোঙা কৰা অসমক পুনৰ গঢ়িবলৈ অভিনব প্ৰচেষ্টাৰে সকলোকে আহ্বান সংগীত শিল্পীৰ। সংগীত শিল্পী পাপন, অদিতি সিঙ শৰ্মা, শিল্পা ৰাও, বেনী দায়াল, আকৃতি কাক্কাৰ, নীতি মহান, ৰিশি শৰ্মাৰ লগতে সংগীত পৰিচালক বিশাল দাদলানি আৰু শ্বেখৰ ৰাবজিয়ানি য়ে সংগীতৰ শক্তিৰে বানে বিধস্ত কৰা অসমক পুনৰ গঢ়িবলৈ আহ্বান জনাইছে ।

তেওঁলোকে একেলগে #অসমৰ বাবে , বানাক্ৰান্ত সকলক সহায় কৰিবলৈ সহায়ৰ কৰিবলৈ পদক্ষেপ বুলি প্ৰকাশ কৰিছে । পাপনে প্ৰকাশ কৰে যে," নদীৰ ভূমি আৰু নীলা পাহাৰৰ ৰাজ্য খনক পুনৰ গঢ়িবলৈ আমাৰ অবদান। বান বিধস্ত অসমৰ লগত সমগ্ৰ সংগীত শিল্পী আৰু বানাক্ৰান্ত সকলৰ প্ৰতি সহানুভুতি প্ৰকাশ কৰিছে ।

" বানত ক্ষতিগ্ৰস্থ ভাতৃ, ভগ্নীৰ জীৱন আমি একেলগে পুনৰ গঢ়ি তুলিব লাগিব । লগতে সহযোগী সংগীত শিল্পী সকলৰ প্ৰতি কৃতজ্ঞতা জনাইছো, যিসকল শিল্পীয়ে অতি সোনকালে গানৰ এই প্ৰকল্পটোত সন্মতি দি কাম কৰে বুলি প্ৰকাশ কৰে অংগৰাগ পাপন মহন্তয়ে ।

বলীউডৰ বহুতো জনপ্ৰিয় কন্ঠশিল্পীৰূপে কন্ঠদান কৰিছে । সংগীতৰ জৰিয়তে প্ৰভাৱ পেলাব পাৰি। বহুতো সংগীত শিল্পীৰ সৈতে এনেদৰে মঞ্চত পৰিবেশ কৰাটো এটি বেলেগ অভিজ্ঞতা বুলি প্ৰকাশ কৰে অদিতিয়ে।

অসমৰ বানক্ৰান্ত সকলক সহায়ৰ বাবে বহুতো বলীউদৰ তাৰকায়ে সহায়ৰ হাত আগবঢাইছে।বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্ছনে বান বিধস্ত অসমলৈ ৫১ লাখ বান সাহাৰ্য্য প্ৰদান কৰিছে। অসম আৰু কেৰেলাক বৰ্তমান সকলোৰে সহায়ৰ প্ৰয়োজন । অসমৰ এনে দুৰ্যোগৰ সময়ত মেগাষ্টাৰ অমিতাভ বচ্ছনে ৫১ লাখ টকাৰ বান সাহাৰ্য্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ।

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

বলীউডৰ তাৰকা জন আব্ৰাহমৰ লগতে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ে টুইটাৰযোগে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে। দিয়া মিৰ্জায়ে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে ।

অন্য খবৰৰ বাবে পঢ়ক: প্ৰলয়ংকাৰী বানপানী: বানাক্ৰান্তলৈ ৫ কোটি সাহাৰ্য্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰৰ

Next Story
চাকৰি