Begin typing your search above and press return to search.

"আমাক জনসাধাৰনে ইয়াৰ বাবে ভোট দিছে নেকি":আকাশ বিজয়বৰ্গীয়ৰ কাণ্ডত ক্ষুদ্ধ প্ৰধানমন্ত্ৰী মোদী

আমাক জনসাধাৰনে ইয়াৰ বাবে ভোট দিছে নেকি:আকাশ বিজয়বৰ্গীয়ৰ কাণ্ডত ক্ষুদ্ধ প্ৰধানমন্ত্ৰী মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2019 11:53 AM GMT

আজি আকাশ বিজয়বৰ্গীয়াৰ কাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে এজন চৰকাৰী বিষয়াক মাৰ-পিট কৰাৰ কাৰো অধিকাৰ নাই বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, " যাৰে পুত্ৰ নহওঁক কিয় " দলৰ পৰা বহিস্কাৰ কৰা হব। কাৰাগাৰ পৰা ওলোৱাৰ পিছত আকাশ বিজয়বৰ্গীয়ক যিসকলে আদৰণিৰ জনাই সেই সকলকো দলৰ পৰা বহিস্কাৰ কৰিবলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসন্তুষ্টি প্ৰকাশ কৰে । আকাশ বিজয়বৰ্গীয়ে কেমেৰাৰ সন্মূখতে এগৰাকী বিষয়াক ক্ৰিকেটৰ বেটেৰে কোবাইছিল । এই ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

বিজেপিৰ ৰাষ্ট্ৰীয় নেতা কৈলাশ বিজয়বৰ্গীয়ৰ পুত্ৰ তথা ইন্দোৰৰ বিধায়ক আকাশ বিজয়বৰ্গীয়ই পৌৰ নিগমৰ বিষয়াক বেটেৰে মাৰ ধৰ কৰিছিল। বিজেপি সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনা আৰু ইয়াক লৈ বিজেপি নেতাৰ প্ৰতিক্ৰিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ।

২৬জুনত নিগমৰ বিষয়া ধীৰেন্দ্ৰ বয়চে টীমৰ সৈতে জৰাজীৰ্ণ ঘৰ ভাঙিবলৈ উপস্থিত হৈছিল। এই সময়তে আকাশ বিজয়বৰ্গীয় তালৈ আহে আৰু দলক একো চোৱা চিতা নকৰাকৈ উভতি যাবলৈ কয়। কিন্তু অধিকাৰীসকলে নিজৰ কাৰ্য অব্যাহত ৰাখে আৰু তেতিয়াই আকাশে বেটেৰে বিষয়াজনক উপৰ্যুপৰি প্ৰহাৰ কৰে। এই পিটনৰ ফলত বয়চৰ অৱস্থা বেয়া হৈ পৰে আৰু তেওঁ বহুকেইটা আভ্যন্তৰীণ আঘাত পাইছে। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন।

ইন্দোৰৰ বিজেপি বিধায়ক আকাশ বিজয়বৰ্গীয়ই বেটেৰে নগৰ নিগমৰ বিষয়াক বেয়াকৈ মাৰ পিট কৰা ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে সমালোচনা কৰি কয় যে, "পুত্ৰ যাৰে নহওক, এনে আচৰণ সহ্য কৰা নহ’ব।"

প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে বিজেপিৰ সংসদীয় দলৰ বৈঠকত এই কথা প্ৰকাশ কৰে।লগতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে যে , যিসকল লোকে এই ঘটনাত জামিনত মুক্তি লাভ কৰা আকাশ বিজয়বৰ্গীয়ক স্বাগতম জনাইছে, তেওঁলোককো দলৰ পৰা বহিস্কাৰ কৰি দিব লাগে।

ভূপালৰ বিশেষ আদালতত শণিবাৰে আকাশ বিজয়বৰ্গীয়ই জামিন লাভ কৰিছিল। ইয়াৰ পিছত দেওবাৰে তেওঁ ইন্দোৰৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল।

৩৪ বছৰীয়া আকাশ বিজয়বৰ্গীয়ে এজন বিষয়াক ভিডিঅটোত বিষয়া জনক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। এই ভিডিঅটো বহুতো দলৰ মাজত বিয়পি পৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক:অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে মোদীৰ লগত চেলফি লৈ লিখিলে “কিটনি আচ্চি হে মোদী”

Next Story
চাকৰি