Begin typing your search above and press return to search.

ডিজিটেল ক্ষেত্ৰৰ বিকাশৰ কাৰণে চৰকাৰে পদক্ষেপ ল’বঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ডিজিটেল ক্ষেত্ৰৰ বিকাশৰ কাৰণে চৰকাৰে পদক্ষেপ ল’বঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jun 2019 7:01 AM GMT

অনাগত পাঁচ বছৰৰ কাৰণে ভাৰতৰ পাঁচ ত্ৰিলিয়ন অৰ্থনৈতিক ব্যৱস্থালৈ লক্ষ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে কয় যে ডিজিটেল ক্ষেত্ৰৰ বিকাশ কাৰণে চৰকাৰে পদক্ষেপ ল’ব ৷ লগতে ভাৰতৰ সৰ্বতো প্ৰকাৰৰ বিকাশৰ কাৰণে বিগত সাত দশকত জাপানে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে ৷

গতিকে নতুন ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত জাপানৰ ভূমিকাই মুখ্য পদক্ষেপ ল’ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰে যে, কথিত আছে যে আকাশৰ সীমা আছে। কিন্তু এই কথাটো এটা যুগতে সীমাবদ্ধ আছিল ৷ কিন্তু সম্প্ৰতি আকাশৰ সীমা নাই ৷ প্ৰধানমন্ত্ৰী মোডীয়ে জী ২০ শিখৰ সন্মিলনত ভাগ ল’বৰ কাৰণে ভাৰতীয় প্ৰবাসীসকলক সম্বোধিত কৰি এই মন্তব্য প্ৰদান কৰে ৷

লগতে বিগত লোকসভা নিৰ্বাচন আৰু অনাগত পাঁচ বছৰত তেওঁৰ চৰকাৰে লোৱা আঁচনিৰ সন্দৰ্ভত মন্তব্য কৰে ৷ ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে অনাগত পাঁচ বছৰত আমাৰ চৰকাৰে পাঁচ ত্ৰিলিয়ন ডলাৰ অৰ্থৱস্থা নিৰ্মাণ কৰিবৰ কাৰণে পদক্ষেপ লৈছে ৷গতিকে ভাৰতবাসীৰ আশা আকাংক্ষাক পূৰণ কৰিবৰ কাৰণে চৰকাৰক কাম কৰাৰ প্ৰয়োজন। সামাজিক ক্ষেত্ৰ আমাৰ প্ৰথম প্ৰাথমিকতা ৷

সম্প্ৰতি দেশত সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে। অন্যহাতে ভাৰতে মহাকাশলৈ চন্দ্ৰমা,চন্দ্ৰযান ২ ৰ দ্বিতীয় মিশ্যন অনতি পলমে লন্স কৰাৰ কথা উল্লেখ কৰে ৷ ২০২২ চনত ভাৰতে প্ৰথম মানৱযুক্ত মিশ্যন গগনযান লন্স কৰিব ৷ সম্প্ৰতি ভাৰতে নিজৰ অন্তৰীক্ষ ষ্টেচন মুকলি কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে ৷ জাপানৰ লগত থকা সম্বন্ধৰ বিষয়ে কয় যে জাপানে ভাৰতৰ সৰ্বতো প্ৰকাৰৰ বিকাশত উল্লেখ্য ভূমিকা গ্ৰহণ কৰিছে ৷ আৰু এই ভূমিকাই নতুন ভাৰত গঢ়াত সহায় কৰিব ৷

ভাৰতৰ সকলো ক্ষেত্ৰতে জাপানে সহায় কৰিছে ৷ এটা সময়ত গাড়ী নিৰ্মাণ কৰাটো জাপানে সহায় কৰিছিল। সম্প্ৰতি বুলেট ট্ৰেইন নিৰ্মাণ কৰাটো জাপানে সহায় কৰিছে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে জাপানত ৰেইৱা যুগৰ আৰম্ভনি হোৱাৰ বাবে আবে আৰু জাপানৰ জনসাধাৰণক অভিনন্দন জনায়। তেওঁলোকে বাৰাণসীৰ উন্নয়ন আৰু মুম্বাই আহমেদাবাদ বুলেট ৰেল প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰে ৷

প্ৰধানমন্ত্ৰী মোডীক জাপানত বিপুল আদৰণি জনোৱা হয় ৷ তেওঁ ওচাকা বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত তাত উপস্থিত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে মোদী মোদী আৰু ভাকল মাতা কি জয় ধ্বনি দিয়ে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে শীৰ্ষ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড টাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ লগত আলোচনা কৰে।

অন্য খবৰৰ বাবে পঢ়ক: ভাৰত আৰু আমেৰিকায়ে বন্ধু হিচাপে সমস্যা সমূহ সমাধান কৰিব

Next Story
চাকৰি