অসমৰ জাতীয় সঙ্গীত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসফল হৈছে দিছপুৰ

অসমৰ জাতীয় সঙ্গীত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসফল হৈছে দিছপুৰ

অসমৰ জাতীয় সঙ্গীত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসফল হৈছে দিছপুৰ। " অ মোৰ আপোনাৰ দেশ‌ "‌ অসমৰ জাতীয় সঙ্গীত।ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত অসমৰ জাতীয় সংগীত চৰকাৰী ভাৱে গ্ৰহন কৰাৰ তিনি বছৰৰ পিছতো বিভিন্ন ধৰণৰ অনুষ্ঠান অথবা মঞ্চত গোৱাৰ ক্ষেত্ৰত কোনো ধৰনৰ কাৰ্যকৰী পন্হা অৱলম্বন কৰিব পৰা নাই দিছপুৰে । " অ' মোৰ আপোনাৰ দেশ‌" জাতীয় সংগীতটো প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কোনো ধৰনৰ উচিত ব্যৱস্থা হাতত ল'ব পৰা নাই দিছপুৰে । জাতীয় সংগীত প্ৰচাৰৰ ক্ষেত্ৰত অসফল হৈছে দিছপুৰ । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত " অ' মোৰ আপোনাৰ দেশ‌" সংগীতটো ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ সাংস্কৃতিক বিভাগে " অসম জাতীয় সংগীত " হিচাপে মনোনীত কৰিছিল ।

আনকি এই সংগীতটো‌ অনুমোদন জনোৱাৰ আগতে স্বৰলিপিৰ সহায়ত সংগীতটো গঠন কৰা হৈছিল । লগতে এয়াও কোৱা হৈছে যে অসমৰ জাতীয় সংগীতটো ৭০ ৰ পৰা ৭৫ ছেকেণ্ডৰ ভিতৰত গাব বা বজাব পাৰিব ।

জাতীয় সংগীতৰ অনুমোদন ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ আয়ুক্ত তথা সম্পাদক প্ৰীতম শইকীয়াই । লগতে প্ৰীতম শইকীয়াই কয় যে জাতীয় সংগীতটো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সভা , বিদ্যালয় সভা , ছবি গৃহ , সাংস্কৃতিক অনুষ্ঠান , সভা আদিত গাব পাৰিব ।

কিন্তু প্ৰকৃততে এই অধিসূচনা কেৱল চৰকাৰী নথি-পত্ৰতে আৱদ্ধ আছে । এয়া সমস্যা হৈছিল পূৰ্বৱৰ্তী কংগ্ৰেছ শাসন কালত । আনহাতে বিজেপি চৰকাৰেও এই সংগীতটো মানুহৰ মাজলৈ লৈ যাবলৈ কোনো ব্যৱস্থা লোৱা নাই । তাৰোপৰি সোমবাৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫ তম জন্ম বাৰ্ষিকী পালন কৰা হয় ।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এই সংগীতটো পোন প্ৰথমে প্ৰকাশ পাইছিল ১৯০৯ চনত এখন অসমীয়া আলোচনী " বাঁহী" ত । এই সংগীতটো ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনত অসমৰ জাতীয় সঙ্গীত হিচাবে গ্ৰহণ কৰা হৈছিল ।

" অ' মোৰ আপোনাৰ দেশ‌ " সংগীতটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত " কদমকলি"তো সন্নিবিষ্ট আছে । এই সংগীতটো অসমীয়া দেশভক্তি মূলক অতি জনপ্ৰিয় জাতীয় সংগীত । " অ মোৰ আপোনাৰ দেশ‌ " জাতীয় সংগীতটো বিভিন্ন ভাষা আৰু উত্তৰ-পূৱৰ বিভিন্ন উপভাষালৈ অনুবাদ কৰা হয় ।

এই জাতীয় সংগীতটো জনসাধাৰণে বিভিন্ন অনুষ্ঠানত গোৱা হয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Tokay Gecko recovered in Nagaon, One Arrested

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com