Begin typing your search above and press return to search.

বিদেশী সকলৰ মুকলি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ পদক্ষেপ

বিদেশী সকলৰ মুকলি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 7:32 AM GMT

বিদেশী ট্ৰিবুনেলে ঘোষণা কৰা বিদেশীসকলৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সকলো দায়িত্ব কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰিত কৰে । নতুন তথ্যৰ অনুসৰি সমগ্ৰ ৰাজ্যত ছটা ডিটেনশ্বন শিবিৰত প্ৰায় ১১৩৩ বিদেশী আছে । এই লোকসকলৰ ৩৩৫ জন ব্যক্তি তিনি বছৰতকৈ অধিক সময় শিবিৰত আছে ৷ইয়াৰ বিপৰীতে ৭৬৯ জন ব্যক্তি এক বছৰৰ পৰা ডিটেনশ্বন শিবিৰত আছে ৷

অন্যহাতে ডিটেনশ্বন শিবিৰসমূহ গোৱালপাৰা, কোকৰাঝাৰ,শিলচৰ, ডিব্ৰুগড়,যোৰহাট আৰু তেজপুৰ জিলাত আছে ৷ইফালে শীৰ্ষ আদালতৰ নিৰ্দেশৰ পিছত অসম চৰকাৰে এফটি অৰ্থাৎ বিদেশী ট্ৰিবিউনেলৰ দ্বাৰা ঘোষণা কৰা বিদেশীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত নতুন নিয়ম তৈয়াৰ কৰিছে। ইয়াৰ ভিতৰত বিদেশীসকলক কেনেকৈ মুকলি কৰি দিয়া হ’ব,মুকলি কৰি দিয়াৰ চৰ্ত আদি ৷

অন্যহাতে বিদেশীসকলৰ ক্ষেত্ৰত নীতি নিয়ম তৈয়াৰ কৰাৰ প্ৰাকমুহুৰ্তত ৰাজ্য গৃহ বিভাগ আৰু ৰাজনৈতিক বিভাগে আইন বিভাগৰ লগত পৰামৰ্শ বিচাৰিছিল ৷এই ক্ষেত্ৰত আইন বিভাগে কয় যে শীৰ্ষ আদালতৰ আদেশক সম্পূৰ্ণ কৰাৰ কাৰণে বিদেশীসকলৰ নিয়মক সংশোধনৰ আৱশ্যক ৷কিন্তু কেৱল কেন্দ্ৰীয় চৰকাৰেহে বিদেশীসকলৰ নিয়মক সংশোধন কৰিব পাৰে ।

ইফালে গৃহ মন্ত্ৰ্যালয়ে এই ক্ষেত্ৰত যাৱতীয় সিদ্ধান্ত লোৱাৰ পিছত অসম চৰকাৰে এই বিদেশীসকলৰ মুকলি কৰিবলৈ পদক্ষেপ ল’ব ৷ লগতে অসম চৰকাৰে ডিটেনশ্ব্যন কেম্পসমূহৰ পৰা প্ৰায় ৩০০ ৰো অধিক বন্দীক মুকলি কৰি দিব লাগিব ৷অন্যহাতে ইয়াৰ পূৰ্বতে দিছপুৰে সৰ্বোচ্চ ন্যায়ালয়ৰ লগত এখন অধিসূচনা জাৰি কৰিছিল যে সমগ্ৰ ৰাজ্যৰ শিবিৰসমূহত পাঁচ বছৰত অধিক থকা বিদেশীসকলক কিছুমান নিৰ্ধাৰিত চৰ্তহে মুকলি কৰি দিব।

কিন্তু শীৰ্ষ আদালতে এই সিদ্ধান্তক নাকচ কৰে। ইফালে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়মুৰ্ত্তি সঞ্জীৱ খন্নাৰ পীঠে প্ৰকাশ কৰে যে তেওঁলোকক মুকলি কিছুমান চৰ্তত কৰা হ’ব ৷তাৰ ভিতৰত তেওঁলোকৰ যাৱতীয় নথি পত্ৰ,দহোটা আঙুলিৰ ছাপ,ফটো আদি লোৱা হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক: ৬ খন জিলাত ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হব

Next Story
চাকৰি