ব্যক্তিগত বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ কৰিব দিছপুৰে

ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুল নিয়ন্ত্ৰণ ক্ষেত্ৰত শিক্ষা বিভাগে শীঘ্ৰে এক নীতি তৈয়াৰ কৰিব। এই সম্পৰ্কীয় যাৱতীয় কাম কাজ ইতিমধ্যে আৰম্ভ কৰিছে শিক্ষা বিভাগে। এই বিষয়টো পৰীক্ষা নিৰীক্ষা কৰি থকা বিশেষ সমিটি খনে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে ।
শিক্ষা বিভাগৰ এক বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকে বহুবাৰ লিখিত অভিযোগ দাখিল কৰি মাচুল বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আবেদন জনাই আহিছে। ইফালে দিছপুৰৰ পূৰ্বৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ব্যক্তিগত বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰিছিল যদিও সফল নহল।
কাৰণ ব্যক্তিগত শিক্ষাখণ্ডৰ এক শক্তিশালী লবীয়ে চৰকাৰী যি কোনে প্ৰয়াস বিফল কৰিবলৈ বিভিন্ন প্ৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। এনে ক্ষেত্ৰত প্ৰশ্ন হয় বৰ্তমানৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই শক্তিশালী লবীটোৰ বিৰুদ্ধে গৈ নিজৰ দায়িত্ব পালন কৰিব পাৰিবনে? জানিব পৰা অনুসৰি ৰাজ্যৰ শিক্ষা বিভাগে অনাগত শিক্ষা বৰ্ষৰ বাবে বেচৰকাৰী শিক্ষানুষ্ঠান সমূহৰ মাচুলৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱাৰ সম্ভৱানা আছে। অৱশ্যে ৰাজ্যৰ কেইবাজনো প্ৰাক্তন শিক্ষা মন্ত্ৰীয়ে বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাচুল নিয়ন্ত্ৰণ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ প্ৰয়াস কৰিছিল যদিও সফল বাস্তৱ ফলাফল একো দেখা পোৱা নগ'ল ।
অন্য খবৰৰ বাবে পঢ়ক:উত্তৰ পূবৰ সকলো ৰাজ্যতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হ’ব লাগে:উত্তৰ পূব ছাত্ৰ সংগঠন
ভিডিঅ প্ৰতক্ষ্য কৰক :UBPO demands formation of Bodo Kachari Autonomous Council in Assam