উত্তৰ পূবৰ সকলো ৰাজ্যতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হ’ব লাগে:উত্তৰ পূব ছাত্ৰ সংগঠন

উত্তৰ পূবৰ সকলো ৰাজ্যতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হ’ব লাগে:উত্তৰ পূব ছাত্ৰ সংগঠন

উত্তৰ পূব ছাত্ৰ সংগঠনৰ এক কাৰ্যকৰী বৈঠকত দাবী উত্থাপন হয় যে উত্তৰ পূবৰ সকলো ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। কাৰণ নাগৰিক পঞ্জীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা কৰিছে ৷ লগতে প্ৰত্যেক ৰাজ্যত ইনাৰ লাইন পাৰ্মিট (Inner Line Permit) দাবী কৰিছে ছাত্ৰ সংগঠনটোৱে লগতে উত্তৰ পূব ছাত্ৰ সংগঠনটোৱে চৰকাৰী ক্ষেত্ৰৰ লগতে সাৰ্বজনিক ক্ষেত্ৰসমূহতো স্বদেশী লোকসকলৰ নিযুক্তিৰ কাৰণে আৱশ্যকীয় ব্যৱস্থা ল’বৰ কাৰণে দাবী কৰে ৷

উত্তৰ পূব ছাত্ৰ সংগঠনটোৱে নুমলীগড় তেল শোধনাগাৰৰ ব্যক্তিগত কৰণৰ লগতে নেপকোৰ সন্দৰ্ভত চৰকাৰৰ স্থিতিৰ ক্ষেত্ৰত বিৰোধিতা কৰে ৷ লগতে কেন্দ্ৰৰ এক দেশ এক ভাষাৰ সন্দৰ্ভত বিৰোধিতা কৰিবলৈ সিদ্ধান্ত লয়। ইফালে সংবাদ মাধ্যমৰ লগতে মত বিনিময় কৰি উত্তৰ পূবৰ ছাত্ৰ সংগঠনৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে উত্তৰ পূবৰ সকলো ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আমি দাবী কৰিছো৷ কিন্তু এই গুৰুত্ব পূৰ্ণ প্ৰক্ৰিয়াটো কিছুমান নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰা হ’ব ৷

গতিকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দৰে এটা প্ৰক্ৰিয়াইহে বিদেশী সমস্যাক সমাধান কৰিব পাৰিব। অসমত শেহতীয়াকৈ প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত উত্তৰ পূব ছাত্ৰ সংগঠনৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে সদৌ অসম ছাত্ৰ সন্থা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত সুখী নহয়। এই বিষয়ে ইতিমধ্যে উচ্চতম ন্যায়ালয়ক অৱগত কৰাইছে । অন্যহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আমি প্ৰথমৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছো ৷

লগতে উত্তৰ পূবেও ইয়াৰ বিৰোধিতা কৰি থাকিব ৷১৮ নবেম্বৰত উত্তৰ পূব ছাত্ৰ সংগঠনটোৱে উত্তৰ পূবৰ ৰাজ্যসমূহৰ ৰাজধানীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব ৷ ৰাজনৈতিক লাভালাভৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক গৃহীত কৰিব বিচাৰিছে ।কিন্তু বিদেশী বিদেশীয়েই ৷আমি কেতিয়াও বিদেশীক ধৰ্মৰ আধাৰত আদৰি নলওঁ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখনে ভাৰতীয় সংবিধানক উপেক্ষা কৰিছে ৷ উত্তৰ পূব অবৈধ বিদেশীসকলৰ ডাষ্টবিন নহয়। লগতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আমি কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়কক গৃহীত নকৰিবলৈ আহ্বান কৰিছো ৷

ইফালে উত্তৰ পূবৰ স্বদেশী লোকসকলৰ সুৰক্ষাৰ আৱশ্যকতা সন্দৰ্ভত মত প্ৰকাশ কৰি উত্তৰ পূব ছাত্ৰ সংগঠনটোৰ উপদেষ্টা জনে এক বিশেষ আৰ্থিক নীতিৰো বিষয়ে দাবী কৰে ৷ জনসাধাৰণৰ মাজত বিকাশৰ কাৰণে এক নতুন আনদোলনৰ আৱশ্যকতা সন্দৰ্ভত মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আনহাতে উত্তৰ পূবৰ যুৱকসকলৰ নিবনুৱা সমস্যা সমাধানৰ সন্দৰ্ভতো ব্যৱস্থা লোৱাৰ কথা উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে।

ইফালে উত্তৰ পূবৰ ছাত্ৰ সংগঠনৰ নেতা জেৰৱাই কয় যে প্ৰত্যেক বছৰে উত্তৰ পূৱৰ পৰা এক বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী শিক্ষাৰ কাৰণে বহিঃৰাজ্যলৈ গমন কৰে। গতিকে এই ক্ষেত্ৰত প্ৰত্যেক ৰাজ্যতে উচ্চ প্ৰযুক্তি সম্পন্ন শিক্ষানুষ্ঠান স্থাপন কৰাৰ কথা উত্থাপন কৰে নেতাজনে ৷ইয়াৰ দ্বাৰা সেই ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ সকলৰো সুবিধা হ’ব ৷লগতে চৰকাৰী ক্ষেত্ৰৰ লগতে অন্যান্য ঠাইসমূহতো স্বদেশী লোকসকলক নিযুক্তি সন্দৰ্ভত দাবী কৰে ছাত্ৰ সংগঠনটোৰ নেতা জেৰৱাই ।লগতে ছাত্ৰ সংগঠনটোৰ নেতাজনে সকলো বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক :UBPO demands formation of Bodo Kachari Autonomous Council in Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com