Begin typing your search above and press return to search.

চূড়ান্ত এনআৰচি প্ৰকাশলৈ মাজত মাথো এটা দিন:দিছপুৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

চূড়ান্ত এনআৰচি প্ৰকাশলৈ মাজত মাথো এটা দিন:দিছপুৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Aug 2019 5:12 AM GMT

চূড়ান্ত এনআৰচি প্ৰকাশ পাবলৈ মাজত মাথো এটা দিন। কিন্তু এতিয়াও অসম চৰকাৰ অপেক্ষাত আছে যে চৰকাৰে এনআৰচিৰ বিস্তৃত প্ৰতিবেদন ৰাজ্যৰ এনআৰচি সমন্বয়কৰ পৰা কেতিয়া লাভ কৰিব ৷ উচ্চতম ন্যায়ালয়ে প্ৰথমতেই মন্তব্য কৰিছিল যে বিস্তৃত এনআৰচি প্ৰতিবেদন আধাৰ প্ৰতিবেদন সুৰক্ষিত কৰা হ’ব ৷

সেয়েহে ৰাজ্য চৰকাৰ,কেন্দ্ৰ চৰকাৰ আৰু ভাৰতীয় ৰেজিষ্টাৰ জেনেৰেলক এই প্ৰতিবেদন দিয়া হ’ব ৷১৩ আগষ্টত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়মূৰ্তি আৰএফ নৰীমানে এনআৰচিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দ্য চেন্টিনেলৰ লগত হোৱা সাক্ষাৎকাৰত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ জেষ্ঠ বিষয়াই কয় যে ৰাজ্য চৰকাৰক অনতি পলমে বিস্তৃত ডাটাৰ আৱশ্যক আছে ৷

কিছুসংখ্যক স্বদেশীলোকে বিভিন্ন কাৰণত এনআৰচিত নিজৰ নাম সন্নিবিষ্ট কৰিবৰ কাৰণে আবেদন কৰা নাই।ৰাজ্য চৰকাৰৰ লগত এনেধৰণৰ লোকৰ সম্পূৰ্ণ সংখ্যা নাই। তিনি লাখতকৈ অধিক আবেদকে নিজৰ নাম এনআৰচিৰ অন্তৰ্ভূক্ত কৰিবলৈ দাবী নকৰাৰ সিদ্ধান্ত লয়। কাৰণ তেওঁলোকৰ নাম সম্পূৰ্ণ এনআৰচিত অন্তৰ্ভূক্ত ন’হল ।

এক বিশেষ সূত্ৰৰ মত অনুসৰি দিছপুৰে এনআৰচিৰ প্ৰাধিকৰণৰ পৰা তিনি লাখতকৈ অধিক আবেদকৰ সূচী বিচাৰিছিল যদিও সেই সূচী দিবলৈ সক্ষম ন’হল। গতিকে সেই লোকসকলে সম্প্ৰতি বিদেশী ন্যায়াধীকৰণৰ দুৱাৰ গচকিব লাগিব। আনহাতে চলিত বৰ্ষৰ ১ ছেপ্তেম্বৰ হ’ববিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ কাৰণ কিছুমান লোকক ডি ভোটাৰ হিছাপে চিনাক্ত কৰা হ’ব ৷আৰু সেই লোকসকলৰ কিছুমানে এতিয়াও চৰকাৰী বিভাগৰ লগতে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত ৷ তেওঁলোকৰ সন্তানেও বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত পঢ়ি আছে। গতিকে ডি ভোটাৰ নামেৰে চিনাক্ত কৰাৰ পিছত তেওঁলোকৰ সামাজিক স্থিতিত প্ৰভাৱ পেলাব পাৰে ৷

অন্য খবৰৰ বাবে পঢ়ক:এনআৰচি প্ৰকাশলৈ মাজত দুটা দিন:দিছপুৰৰ সন্মুখত কিছু প্ৰত্যাহ্বান

ভিডিঅ প্ৰতক্ষ্য কৰক:Soil Erosion causing miseries to people in Gohpur

Next Story
চাকৰি