Begin typing your search above and press return to search.

ঐতিহমণ্ডিত নামদাং শিল সাঁকো সংৰক্ষণ ৰ বাবে দিছ্পুৰৰ পদক্ষেপ

ঐতিহমণ্ডিত নামদাং শিল সাঁকো সংৰক্ষণ ৰ বাবে দিছ্পুৰৰ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2019 6:55 AM GMT

ঐতিহমণ্ডিত নামদাং শিল সাঁকো সংৰক্ষণ ৰ বাবে দিছ্পুৰৰ পদক্ষেপ।ৰাষ্ট্ৰীয় ঘাইপথ আৰু অ।ন্ত:গাঁথনি উন্নয়ন আয়োগে নামদাং শিল সাঁকো ৰ ওপৰত বিভাগীয় কৰ্তৃত্ব বিচৰাৰ সময়তে অসম চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে।অসমৰ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এক পদক্ষেপ হিচাপে,অসমৰ স্থাপত্য বিভাগে নামডং শিল সাঁকোক ঐতিহমণ্ডিত দলং হিচাপে সংৰক্ষণ কৰিছে।

আহোম ৰাজত্ব কালত ১৭০৩ শিৱসাগৰ জিলাৰ গৌৰীস।গৰত এইখন শিল সাঁকো নিৰ্মান কৰা হৈছিল।৩৭নং ৰাষ্ট্ৰীয় ঘাই পথস্থিত সাঁকো খন যোৱা ৩১২ বছৰ ধৰি অসমক দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোগ কৰাত এক বিশেষ ভূমিকা লৈ আহিছে।

ইতিহাস মতে আহোম ৰজা ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত বেংগল পৰা অনা কাৰিকৰৰ দ্বাৰা সাঁকো খন নিৰ্মান কৰা হৈছিল। উল্লেখ্য যে সাঁকো খন ২০০ ফিট দীঘল,২১ ফিট বহল,৫.৬ ফিট উচ্চতাত আছে।সাঁকো খন নামদাং নদীৰ ওপৰত নিৰ্মান কৰা হৈছিল।সকলোতকৈ ডাঙৰ বিশেষত্ব হল যে সাঁকো খন শ বছৰ পুৰণা এটা বৃহৎ শিল কাটি নিৰ্মান কৰা হৈছিল।

অন্যহাতে আহোম ৰাজত্ব কালত সাঁকোখন নিৰ্মাণত চিমেণ্ট ব্যৱহাৰ কৰা হোৱা নাছিল ।সাঁকো খন নিৰ্মাণত বৰা চাউল,হাঁহৰ কণী,আদি ব্যৱহাৰ কৰা হৈছিল।এই বছৰৰ আৰম্ভণিত অসমৰ স্থাপত্য বিভাগে বিভাগীয় কৰ্তৃত্ব বিচাৰি এন এইছ আই ডি চি এল পত্ৰ প্ৰেৰণ কৰিছিল যাতে সাঁকোখন সংৰক্ষণ কৰিব পাৰে। কিন্তু কেন্দ্ৰীয় বিভাগটোৰ ফালৰ পৰা জনোৱা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন যুক্ত কৰাৰ কাম চলি থকা সময়ত সাঁকো খন ৰাজ্য চৰকাৰৰ বিভাগ তোক দিয়াটো জটিল । কিন্ত্ত বৰ্তমান সময়ত সাঁকো খন কিছু ভাগি যোৱাত আৰু ক্ষতিগ্ৰস্ত হোৱাত ৰাজ্য চৰকাৰৰ স্থাপত্য বিভাগে বিভাগীয় অধিকাৰ সাব্যস্ত কৰাৰ বাবে পদক্ষেপ লৈছে।

আনহাতে বিভাগীয় মন্ত্ৰী কেশব মহন্তই নামদাং সাঁকো খনৰ ক্ষতি গ্ৰস্ত হোৱা স্থানত তৎকালীন ভাবে মেৰামতি কৰাৰ বাবে নিৰ্দেশ দিছে।অন্যহাতে সাঁকো খনৰ মেৰামতিত যাবতীয় সা সামগ্ৰী আৰু শ্ৰমিক যোগান ধৰিব এন এই ছ আই ডি চি এলে।

বহু পুৰণা আৰু ইতিহাসসমৃদ্ধ সাঁকো হোৱাৰ পিছতো সুৰক্ষা দিব পৰা স্থ।ন সমূহৰ ভিতৰত এই খন সাঁকো নাই। অতি সোনকালে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে শিল সাঁকো বিল সুৰক্ষিত হৈও নাথাকিব আৰু সংৰক্ষণ কৰিব পৰাও নাযাব বুলি জনায় স্হাপত্য বিভ।গে।

অন্য খবৰৰ বাবে পঢ়ক: এন আৰ চি নাকচ কৰিবৰ বাবে বিত্ত মন্ত্ৰীৰ কি অধিকাৰ আছে?

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি