Begin typing your search above and press return to search.

চৰকাৰৰ কাৰ্যালয়ত বায়’মেট্ৰিক মেশ্যিনৰ ব্যৱস্থা কৰিবনে ?

চৰকাৰৰ কাৰ্যালয়ত বায়’মেট্ৰিক মেশ্যিনৰ ব্যৱস্থা কৰিবনে ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Aug 2019 9:17 AM GMT

চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাৰ ক্ষেত্ৰত, চৰকাৰৰ কৰৰ প্ৰায় ২৮,০০০ কোটি টকা কৰ্মচাৰীসকলৰ মাহেকীয়া বেতন আৰু কৰ্মচাৰীসকলৰ পেঞ্চনত ব্যয় হয়। আৰু এই সমগ্ৰ টকা আহে ৰাজ্যৰ কৰ দাতাসকলৰ পৰা ৷ অৱশ্য ৰাজ্যত প্ৰায় পাঁচ লাখ কৰ্মচাৰী আছে। কিন্তু এই কৰ্মচাৰীসকল উপস্থিতি আছে নে নাই তাক নিৰ্ধাৰণ কৰিবৰ কাৰণে কাৰ্যালয়ত কোনো বায়’মেট্ৰিক মেছিনৰ ব্যৱস্থা নাই।

এতিয়াও পুৰণি দিনৰ সেই ৰেজিষ্টাৰ বহীতে দৈনিক উপস্থিতিৰ প্ৰমাণ দিয়ে কৰ্মচাৰীসকলে। কিন্তু বিজ্ঞানে আমাক যেতিয়া বায়’মেট্ৰিক মেছিনৰ দৰে উপস্থিতিৰ প্ৰমাণ দিবলৈ যন্ত্ৰ দিছে ৷ তেন্তে ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়,জনতা ভৱনৰ লগতে চৰকাৰৰ উচ্চ স্তৰীয় অফিচসমূহত এতিয়াও ৰেজিষ্টাৰত চহী কৰে কৰ্মচাৰীয়ে ৷

ইফালে কাৰ্যালয়ত উপস্থিতি সময় হ’ল পুৱা ৯.৩০ বজাত ৷ কিন্তু কিছুমান কৰ্মচাৰীয়ে ইয়াৰ পৰিৱৰ্তে ১২ টা বজাতহে অফিচত উপস্থিত হয় ৷মন কৰিব লগীয়া কথা এয়ে যে, কাৰ্যালয়ত ইলেক্ট্ৰ’নিক বায়’মেট্ৰিক মেছিনৰ ব্যৱস্থা নকৰি ৰাজ্য চৰকাৰে সপ্তম দৰমহা আয়োগৰ এক গুৰুত্বপূৰ্ণ দফাক উলংঘন কৰিছে ৷ কাৰণ সপ্তম দৰমহা আয়োগে ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়ত বায়’মেট্ৰিক মেছিনৰ ব্যৱস্থা কৰাটো বিছাৰিছে ৷ কাৰণ কিছুমান কৰ্মচাৰীয়ে চৰকাৰী কাৰ্যালয়ত নিজৰ কামক বহু উপেক্ষা কৰে।

আনহাতে নিয়ম অনুসৰি কোনো কৰ্মচাৰীয়ে যদি তিনি দিনত ৩০ মিনিটকৈ পলমকৈ আহে তেন্তে সেই জন কৰ্মজন কৰ্মচাৰীৰ এটা কেজুৱেল চুটি কৰ্তন হ’ব ৷ ইফালে যদি কোনো কৰ্মচাৰী ১২ বজাত অফিচলৈ আহি ২ বজাত যায় তেন্তে সেইটো হ’ব তেন্তে সেয়া হ’ব তেওঁৰ অৰ্দ্ধ চুটি ৷ কৰ্মচাৰীৰ বিৰোধৰ পিছত ৰাজ্য সচিবালয়ৰ এক ব্লকত বায়’মেট্ৰিক মেশ্যিন ডিভাইছ স্থাপন কৰা হৈছিল ৷ উল্লেখ্য যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মন্তব্য অনুসৰি যদি সকলোতে বায়’মেট্ৰিক স্থাপন কৰিব বিছাৰে তেন্তে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈকে সকলোৰে কাৰণে এই ব্যৱস্থা হ’ব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক: উদ্যোগিক নীতি: বিনিয়োগকাৰী সকললৈ বিভিন্ন সুবিধা অসম চৰকাৰৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Police Sub-Inspector dies in a fatal accident in Tinsukia | The Sentinel News | Assam News

Next Story
চাকৰি