ডুমডুমাত "এডভেন্ট অফ অটুমন " উদযাপন

ডুমডুমাত "এডভেন্ট অফ অটুমন " উদযাপন । শনিবাৰে ডুমডুমা শাখা লেখিকা সমাৰোহ সমিটিয়ে উদযাপন কৰে " এডভেন্ট অফ অটুমন " (Advent of autumn ) । সংস্হাটোৰ সদস্য সকলে গীত মাত , কবিতা আবৃত্তি , বক্তৃতা আৰু অভিনন্দন কাৰ্যসূচী ৰ দ্বাৰা এই " এডভেন্ট অফ অটুমন " উদযাপন কৰে ।

এই সভাত অধ্যক্ষতা কৰে সংস্হাটোৰ সভাপতি ড° মীনা দেৱী বৰুৱাই । লগতে উক্ত অনুষ্ঠানত জ্যোৎস্না বুঢ়াগোহাঁই , অৰ্পনা সেনাপতি , কাকলি দেৱী বৰুৱা , ৰুনু মনি দত্ত ভূঞা , আৰু মীৰা শইকীয়াই এ গীত পৰিৱেশন কৰে। ইয়াৰ মাজতে অনুষ্ঠানটোৰ ওপৰত সংগতি ৰাখিয়েই সভাত কবিতা আবৃত্তি কৰে ইণ্ডু দত্ত উজিৰ , ববি বৰা , আৰু ড° মীনা দেৱী বৰুৱাই।

তাৰোপৰি উক্ত সভাত বক্তৃতা প্ৰদান কৰে প্ৰনিতা হেণ্ডিক , দিপ্তী ঠাকুৰ গোস্বামী , দিব্যলতা ডেকা , অঞ্জলি বৰা , মঞ্জু নাথ আৰু ৰুনু গগৈয়ে ।

সভাত অনূজ কনোৱাৰে অন্যান্য বিষয় যেনে কাজিৰঙা ষ্কিল এণ্ড ডায় ফেষ্টিভেল ( kaziranga skill and dye festival) ৰ ওপৰত বক্তৃতা প্ৰদান কৰে ।

সভা খনৰ সন্ধিয়াৰ আকৰ্ষনীয় কাৰ্যসূচী আছিল , ৰাজ্যিক সাহিত্যিক বৃত্তি ৰ বাবে মনোনীত হোৱা ৰূপেশ্বৰী গোহাঁই ডাঙৰীয়া আৰু ৫ চেপ্তেম্বৰ তাৰিখে জিলা স্তৰৰ সন্মানৰ বাবে মনোনীত হোৱা নিপুন শিক্ষয়িত্ৰী অৰ্পনা সেনাপতি ৰ অভিনন্দন কাৰ্যসূচী ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com