আজি ভাৰতৰত্নৰ ৯৩ সংখ্যক জন্মদিন: ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ড° ভূপেন হাজৰিকাক স্মৰণ

আজি ভাৰতৰত্নৰ ৯৩ সংখ্যক জন্মদিন:  ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ড° ভূপেন হাজৰিকাক স্মৰণ

আজি ভাৰতৰত্ন তথা সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম দিন। সমগ্ৰ ৰাজ্যৰ লগতে বিভিন্ন প্ৰান্তত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সকলো লোকেই শ্ৰদ্ধাৰে সু্ঁৱৰিছে৷ সুধাকণ্ঠৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। ইফালে নিজৰাপাৰৰ ভূপেনদাৰ বাসভৱনতো আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ ।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে জাতি মাটিৰ হকে দেশবাসীৰ সন্মুখত উজ্জ্বলি উঠা ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত ৷অৰ্থাৎ আজিৰ দিনটোতে ৷ প্ৰয়াত ড° ভূপেন হাজৰিকা অসমৰ প্ৰত্যেকজন যুৱ প্ৰজন্মৰ কাৰণে আছিল প্ৰেৰণাৰ উৎস ৷ তেওঁ আছিল একাধাৰে কবি,গীতিকাৰ,সুৰকাৰ,সংগীতজ্ঞ,গায়ক আৰু ছবি নিৰ্মাতাৰ লগতে বহু গুণৰ অধিকাৰী ৷

ভূপেন হাজৰিকাৰ লিখা,সুৰ দিয়া গীতসমূহত ভাতৃত্ব আৰু মানৱতাৰ জয়গান পোৱা যায়। অসমীয়া ভাষাৰ উপৰিও ড° ভূপেন হাজৰিকাই হিন্দী আৰু ইংৰাজী সংগীতত নিজৰ কণ্ঠ নিগৰাইছিল ৷ লগতে সুৰ আৰু গীত ৰছিচিল ৷ ড° ভূপেন হাজৰিকাই সংগীতৰ মাজেৰে সকলো লোকক একত্ৰিত কৰিছিল। আৰু তেওঁৰ গীতত ব্যৱহাৰ কৰা ভাষাৰ আছিল অত্যন্ত শক্তিশালী ৷

অসমীয়া সংস্কৃতিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল এইজন মহান মনিষীয়ে ৷ সমাজলৈ আগবঢ়োৱা বহু অৱদানৰ কাৰণে ড° ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালক বটাঁ,সংগীত নাটক একাডেমী পুৰস্কাৰ,পদ্মশ্ৰী, পদ্মভূষণ,দাদা চাহেব ফাল্কে এৱাৰ্ড, আদি পুৰস্কাৰেৰে পুৰস্কৃত হয়।

লগতে চলিত বৰ্ষতে দেশৰ সৰ্বশ্ৰেষ্ঠ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰে ড° ভূপেন হাজৰিকাক ৷ ড° হাজৰিকাৰ চিৰ যুগমীয়া গীত সমূহৰ ভিতৰত আছে বিস্তীৰ্ণ পাৰৰে, মই এটি যাযাবৰ,গংগা মোৰ মা,বিমূৰ্ত মোৰ নিশাতি যেন,মানুহে মানুহৰ বাবে,গুপুতে গুপুতে কিমান খেলিম,বুকু হ’ম হ’ম কৰে আদি ৷ড° হাজৰিকাৰ ছবিসমূহৰ ভিতৰত আছে ইন্দ্ৰমালতী,চিৰাজ, পিয়লি ফুকন,এৰা বাটৰ সুৰ,লটি ঘটি,চিক মিক বিজুলী আদি ।

আনহাতে ২০১১ চনৰ ৫ নবেম্বৰত ড° ভূপেন হাজৰিকাই মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে, যদিও দেশৰ লগতে ৰাজ্যবাসীলৈ আগবঢ়োৱা বহু অৱদানৰ কাৰণে প্ৰতিজন অসমীয়া হৃদয়ত এক বিশেষ আসন গ্ৰহণ কৰিছ আছে প্ৰয়াত ড° ভূপেন হাজৰিকাই।

ভিডিঅ প্ৰতক্ষ্য কৰক :BJP to begin 'Seva Saptah' from September 14 | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com