বিশ্বনাথ ঘাটত উপস্থিত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথ ঘাটত উপস্থিত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথ ঘাটত উপস্থিত হয় বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত হয় পত্নী ৰিণিকি ভূঞা শৰ্মা ৷ বিশ্বনাথ ঘাটৰ দেৱালয়ত স-পত্নীসহ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ আশীষ ল'লে ভগবানৰ ৷ ইফালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে সহযোগ কৰে নৱ নিৰ্বাচিত সাংসদ পল্লৱ লোচন দাস আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ।

মন্ত্ৰী গৰাকী উপস্থিত হৈ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা গুপ্তকাশী বিশ্বনাথৰ সৰ্বাঙ্গীন বিকাশত পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে ৷ লগতে বিশ্বনাথ ঘাটৰ চণ্ডী মন্দিৰৰ সমীপৰ পৰা নদী দ্বীপ উমাটুমনিলৈ ওলমা দলং নিৰ্মাণ কৰি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷

আনহাতে গুপ্তকাশী বিশ্বনাথ ঘাটৰ ঐতিহ্যত ভাবুকি কঢ়িয়াই অনা গৰা খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷ অঞ্চলটোত থকা স্থানীয় বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে গুপ্তকাশী বিশ্বনাথ ঘাটক পৰ্যটনৰ ক্ষেত্ৰত উন্নয়ন কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিছত মন্দিৰত সেৱা লৈ মন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ পানী ভড়ালৰ দ গাওঁত অচিৰেই নিৰ্মাণ হ'ব লগীয়া প্ৰস্তাৱিত আৰক্ষী চাৱনি পৰিদৰ্শণ কৰে ৷ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা পৰিদৰ্শন কৰিব বুলি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com