Begin typing your search above and press return to search.

বজালীত ড° হিমন্ত বিশ্ব শৰ্মাৰ বান পৰিস্থিতি পৰিদৰ্শন

বজালীত ড° হিমন্ত বিশ্ব শৰ্মাৰ বান পৰিস্থিতি পৰিদৰ্শন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2019 11:29 AM GMT

ৰাজ্য বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বানে প্ৰভাৱিত কৰা বজালীত উপস্থিত হৈ সম্প্ৰতি বজালীৰ পৰিস্থিতি সন্দৰ্ভত সমীক্ষা কৰে ৷ লগতে বানে বজালী ৰাজহ চক্ৰৰ চিকিৎসালয়খনক সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰা বুলি মন্তব্য কৰে ৷ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়ৰ সমূহ কৰ্মচাৰী আৰু স্থানীয় লোকসকলক ধন্যবাদ জ্ঞাপন কৰে।

যিয়ে এচডিআৰএফ দলৰ লগত মিলিত হৈ চিকিৎসালয়ৰ ৰোগীসকলক বানৰ কবলৰ পৰা ৰক্ষা কৰি অন্য স্থানলৈ স্থানান্তৰিত কৰে। আনহাতে যিসকল বানাক্ৰান্ত আশ্ৰয় শিবিৰত সম্প্ৰতি আছে তেওঁলোকে নিজ গৃহলৈ যাত্ৰা কৰিছে। মন্ত্ৰী সোনোৱালে আই,বেকী,পহুমাৰা আদি নদীৰ বান্ধ ৰোধ কৰিবৰ কাৰণে নতুন যোজনা নিৰ্মাণ কৰিব বুলি কয় ৷ আৰু এই বান্ধ বৈজ্ঞানিক ভাৱে ওখ আৰু শক্তিশালীভাৱে কৰা হ’ব বুলি উল্লেখ কৰে।

বানত সৰ্বস্ব হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলৰ প্ৰসংগৰ বিষয়ে মন্ত্ৰী ড° শৰ্মাই কয় যে চৰকাৰে বানত প্ৰভাৱিত লোকসকলক সকলো ধৰণৰ সাহাৰ্য্য প্ৰদান কৰিবলৈ চেষ্টা কৰিব ।এই ক্ষেত্ৰত চৰকাৰী ভাৱে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কয় মন্ত্ৰী ড° শৰ্মাই ৷

বজালীত বান পৰিদৰ্শন কৰাৰ পিছত মুখযমন্ত্ৰী সোনোৱাল যাত্ৰা কৰে গহীনপাৰালৈ। য’ত পহুমাৰাৰ নদীয়ে নদীবান্ধক ক্ষতি গ্ৰস্ত কৰে। ইয়াৰোপৰি মন্ত্ৰী সোনোৱালে মহাৰাণী আৰু কলহগুৰি আৰু নৰেশ্বৰ ৰাণা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা বানাক্ৰান্ত লোকসকলক পৰিদৰ্শন কৰে ৷

বজালীৰ পহুমৰা নদীৰ প্ৰলয়ংকাৰী বানে সকলো লোককে বানে বিধ্বস্ত কৰাৰ পিছত বহুসংখ্যক লোক আশ্ৰয় শিবিৰত আছে ৷ আৰু বানাক্ৰান্ত লোকসকল আশ্ৰয় শিবিৰৰ পৰা ক্ৰমে নিজ গৃহলৈ যাব ৷এক বিশেষ প্ৰতিবেদন অনুসৰি কলডিয়া,মানস আৰু পহুমৰা দৰে অধিকাংশ নদীৰ জলস্তৰ সম্প্ৰতি হ্ৰাস পাইছে ৷কিন্তু বানে প্ৰভাৱিত কৰা লোকসকল এতিয়াও নিজৰ বাসগৃহলৈ আহিব পৰা নাই ৷কাৰণ কিছুমান ঠাই এতিয়াও জলমগ্ন হৈ আছে ৷

বানাক্ৰান্তসকলৰ মাজত বান সাহাৰ্য বিতৰণ কৰিছে চৰকাৰে ৷ বৰপেটা জিলাৰ আৰক্ষীয়ে বৰপেটা আৰক্ষী অধীক্ষকৰ উপস্থিতিত ৰানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্ৰয় শিবিৰত চিৰা,চেনী,গাখীৰ,ডেটল আৰু ম’হ খেদা ঔষধৰ লগতে অন্যান্য বস্তু বিতৰণ কৰে। বান সাহাৰ্য বিতৰণ কৰাৰ সময়ত বজালীৰ এচডিপটঅ’ বিৰিঞ্চি কুমাৰ বৰা,পংকজ শৰ্মাৰ লগতে অন্যান্য লোকসকল উপস্থিত থাকে।

বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই শনিবাৰে বিয়লি শিবিৰত উপস্থিত হয় আৰু বানাক্ৰান্তসকলৰ লগত মতবিনিময় কৰে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক প্ৰতিবেদন অনুসৰি ৫০ খন গাঁৱৰ ৪৫৩৬ হেক্টৰ কৃষি ভূমি সম্প্ৰতি নষ্ট হৈছে আৰু ৪০,৭০৫ জন লোক বজালী ৰাজহ চক্ৰৰ বানত প্ৰভাৱিত হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক: গুৱাহাটী ৰিফাইনেৰীৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ সাহায্য প্ৰদান

Next Story
চাকৰি