গুৱাহাটী ৰিফাইনেৰীৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ সাহায্য প্ৰদান

গুৱাহাটী ৰিফাইনেৰীৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ সাহায্য প্ৰদান

গুৱাহাটী ৰিফাইনেৰী বিষয়ববীয়াসকলে নিজৰ দৰমহাৰ পৰা আধা সংখ্যক দৰমহা বান সাহাৰ্য্য হিচাপে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াইছে ৷যাতে অসমৰ বানাক্ৰান্ত লোকসকলে অলপ সকাহ লাভ কৰে ৷ এক সংবাদ বিজ্ঞপ্তি অনুসৰি এই ধনৰাশি শুক্ৰবাৰে গুৱাহাটী ৰিফাইনেৰী নিৰ্দেশক এছ মনচন্দাই প্ৰদান কৰিছে ৷

ইফালে ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী আৰু জনপ্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ বৰঙনি আগবঢ়াই ৷ সেইসকল হৈছে ক্ৰমে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত,স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়কসকল ক্ৰমে বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ আৰু সঞ্জয় কিষাণ তথা বি পি এফৰ প্ৰতিনিধিদল আদি ৷

ইয়াৰ উপৰিও বিভিন্ন বলীউড,টলীউড আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ বহু অভিনেতা অভিনেত্ৰীসকলে বানাক্ৰান্তসকললৈ সাহাৰ্য আগবঢ়াই ।

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্ছনে বান বিধস্ত অসমলৈ ৫১ লাখ বান সাহাৰ্য্য প্ৰদান কৰিছে। অসম আৰু কেৰেলাক বৰ্তমান সকলোৰে সহায়ৰ প্ৰয়োজন । অসমৰ এনে দুৰ্যোগৰ সময়ত মেগাষ্টাৰ অমিতাভ বচ্ছনে ৫১ লাখ টকাৰ বান সাহাৰ্য্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ।

অমিতাভ বচ্ছনৰ এই সাহাৰ্য্যৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বলীউডৰ মেগাষ্টাৰ গৰাকীক টুইটাৰযোগে ধন্যবাদ জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগে প্ৰকাশ কৰে যে, ” মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ অমিতাভ বচ্ছন জীয়ে আগবঢ়োৱা সাহাৰ্য্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো । এইটো এটা বৃহৎ পদক্ষেপ আৰু লোকসকললৈ মৰম । অসমৰ জনসাধাৰণৰ ফালৰ পৰা আপোনাৰ সাহাৰ্য্যৰ বাবে ধন্যবাদ “।

মুখ্যমন্ত্ৰীৰ টুইটত মেগাষ্টাৰ অমিতাভ বচ্ছনে উত্তৰ দি প্ৰকাশ কৰে যে, বৰ্তমান অসমত দুৰ্যোগৰ সময়। বানপানীৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । তেওঁ অসমৰ ভাতৃ ভগ্নীক সহায় সহযোগিতাৰ আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছে । মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ সাহাৰ্য্য আগবঢ়াবলৈ আহ্বান জনাই সকলোকে ।বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।

টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com