Begin typing your search above and press return to search.

এটা নলাই বিপদত পেলাইছে গুৱাহাটীৰ আৱাসিক অঞ্চলত

এটা নলাই বিপদত পেলাইছে গুৱাহাটীৰ আৱাসিক অঞ্চলত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 9:08 AM GMT

এটা নলাই বিপদত পেলাইছে গুৱাহাটীৰ আৱাসিক অঞ্চলত ৷ কামৰূপ জিলা প্ৰশাসনে বিগত সময়ত গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ৩৩০ টা নলা চাফা কৰিছিল ৷ অৱশ্যে বেলতলাৰ জ্যোতি স্নেহালয়ৰ ফালে যোৱা পথটোত থকা এটা নলাত পানীৰে ভৰ্তি হৈ থাকে যাৰ কাৰণে যাত্ৰী সকলে নলাৰ পানীৰ পৰা ওলোৱা দুৰ্গন্ধময়তাৰ মাজত যাত্ৰা কৰিব লগা হয় ৷ ইফালে এই যাত্ৰাৰ পথত এখন ব্যক্তিগত বিদ্যালয়ো আছে ৷

কাষৰীয়া লোকসকলৰ মত অনুসৰি এই অভাৱনীয় পৰিস্থিতিৰ সমাধান কৰিবৰ কাৰণে কোনো ধৰণৰ প্ৰয়াস কৰা নাই ৷ প্ৰত্যেক দিনাই এই পৰিস্থিতি অত্যাধিক শোচনীয় অৱস্থালৈ গতি কৰিছে। মহানগৰীৰ বানসমস্যা তথা পানীৰ সমস্যাটো এটা বৃহৎ সমস্যা। বাৰিষাৰ সময়ত নলাসমূহৰ পানী বাঢ়ি যোৱাৰ আশংকা কৰা হৈছে।

ইফালে নিশা হ’লেই যিকোনো দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় জনতাই ৷গতিকে সাম্প্ৰতিক পৰিস্থিতি যাতে আৰু অধিক শোচনীয় নহয় তাৰ কাৰনে পূৰ্ব প্ৰস্তুতিৰ প্ৰয়োজন ৷

নতুন ৰুপত নতুন চিন্তাৰে গুৱাহাটী পৌৰ নিগম ৷ মহানগৰীৰ সামগ্ৰিক উন্নয়নৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ ৷ গুৱাহাটীৰ পৌৰ নিগমৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকখনত বেদখলৰ সন্দৰ্ভত মন্তব্য কৰে আযুক্ত দেৱেশ্বৰ মালাকৰে ৷ ২০১৮ -১৯ ত ৰৈ যোৱা কাম তিনি মাহৰ ভিতৰত সম্পূৰ্ন কৰাৰ নিৰ্দেশ দিয়ে দেৱেশ্বৰ মালাকাৰে ৷

লগতে উপযুক্ত খালী ঠাইত জনসাধাৰণৰ কাৰণে শৌচালয়, ৰানিং ৱাটাৰৰ ব্যৱস্থা কৰিব ৷ ইফালে, বজাৰসমূহত পৰ্যায় ক্ৰমে শৌচালয়,আৰু খোৱা পানী ব্যৱস্থা কৰা হ’ব ৷ জনসাধাৰণৰ মাজত পৰিবেশ সচেতনাৰ কাৰণে প্লাষ্টিক বৰ্জনৰ বাবে নিৰ্দেশ দিয়ে দেবেশ্বৰ মালাকাৰে ৷ ইয়াৰোপৰি প্লাষ্টিক কিনা বা ব্যৱহাৰ কৰা সকলক জৰিমনা হ’ব বুলি কয় আয়ুক্ত মালাকাৰে ৷

ইফালে, গুৱাহাটী অন্তৰ্গত মাটি সমূহত জনসাধাৰণে বেদল কৰাৰ প্ৰচেষ্টা চলাই থাকে বুলি কয় দেবেশ্বৰ মালাকাৰে ৷ এই সমগ্ৰ বিষয়টো কাৰ্যবাহী অভিযন্তাক চোৱাচিতাৰ দায়িত্ব দিয়ে ৷ লগতে বেদখল হ’লে বিষয়াজন ব্যক্তিগতভাৱে দায়ী হ’ব বুলি সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে দেৱেশ্বৰ মালাকাৰে। গুৱাহাটী পৌৰ নিগমে বিশেষ আঁচনি প্ৰস্তুত কৰাৰ কথাও উল্লেখ কৰে । এই আঁচনিৰ জৰিয়তে মহানগৰীত ম’হৰ প্ৰকোপ হ্ৰাস কৰিবলৈ তথা পৌৰ নিগমৰ সুবিধাৰ্থে বাহনসমূহৰ সংখ্যা বৃদ্ধি কৰা আৰু বিত্তীয় আয়োগৰ আঁচনিৰ অধীনত আঁচনি প্ৰস্তুতৰ কথা উল্লেখ কৰে দেবেশ্বৰ মালাকাৰে।

অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটীত ভেণ্ডৰ জ’ণ স্থাপন কৰাত ব্যৰ্থ গুৱাহাটী পৌৰ নিগম

Next Story
চাকৰি