কফি সেৱনৰ দ্বাৰা বিকাশ হয় খেল প্ৰদৰ্শনত

কফি সেৱনৰ দ্বাৰা বিকাশ হয় খেল প্ৰদৰ্শনত

কফি সেৱনৰ দ্বাৰা বিকাশ হয় খেল প্ৰদৰ্শনত ।কফি এক এনেকুৱা পনীয়া যি সকলোৰে প্ৰিয় । কফি সেৱনৰ দ্বাৰা আমি সতেজ হৈ থাকিব পাৰোঁ । কিন্তু আমি নাজানো যে কফি সেৱনৰ ফলত আমাৰ খেলৰ প্ৰতি ভাল প্ৰদৰ্শন কৰাত সহায়ক হয় । কফি সেৱন পুৰুষ মহিলা দুয়োৰে ক্ষেত্ৰত খেল প্ৰদৰ্শনৰ বিকাশৰ ক্ষেত্ৰত সহায়ক হয় ।

এক অনুসন্ধান অনুসৰি এই কথা প্ৰকাশ পাইছে নুইট্ৰিটেনচত নামৰ জাৰ্নেল খনত । ব্ৰিটেইনৰ কোভেন্ট্ৰী বিশ্ববিদ্যালয়ৰ ৩৮ গৰাকী (১৯ জন‌ লৰা ১৯ জনী ছোৱালী) অংশগ্ৰহণ কাৰীৰ এক অধ্যয়নৰ দ্বাৰা এই কথা পোহৰলৈ আহিছে যে কফি সেৱনৰ ফলত মানুহৰ চাইকেল চলোৱা গতি বৃদ্ধি পায় ।

অধ্যয়নৰ সময়ত গম পোৱা গৈছে যে কফি সেৱনৰ পিছত পাচ কিলোমিটাৰ চাইকেল চলোৱা দূৰত্বত পুৰুষ আৰু মহিলাৰ ক্ৰমশ: ৯ চেকেণ্ড আৰু ৬ চেকেণ্ডৰ বিকাশ দেখা গৈছে ।

অধ্যয়নৰ দ্বাৰা গম পোৱা গৈছে যে কফি সেৱনে পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত সমান প্ৰতিক্ৰিয়া কৰে । লগতে গৱেষক সকলে কয় যে এনেদৰে কফি সেৱনৰ দ্বাৰা খেলত উন্নতি সাধন কৰাৰ বাবে ব্যায়াম কৰাৰ আগত কফি সেৱন‌ কৰাটো লাভজনক হ'ব । তাৰোপৰি কয় যে ইয়াৰ আগত কফিৰ ওপৰত কৰা গৱেষণা কেৱল পুৰুষ কেন্দ্ৰিক আছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com