Begin typing your search above and press return to search.

মহানগৰীত খোৱা পানীৰ সংকট: মেৰামতিৰ আৱশ্যক পানী পাইপৰ

মহানগৰীত খোৱা পানীৰ সংকট: মেৰামতিৰ আৱশ্যক পানী পাইপৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2019 8:01 AM GMT

গুৱাহাটী মহানগৰীত জল সংকটৰ বিষয়টো প্ৰায়ে চৰ্চাত থাকে। জল সংকটৰ কাৰণে গুৱাহাটী পৌৰ নিগমে বিকল হোৱা পানীৰ পাইপসমূহ মেৰামতি কৰি আছে। গুৱাহাটী পৌৰ নিগমৰ এগৰাকী অভিযন্তাই কয় যে মহানগৰৰ বহু ঠাইত মেৰামতি কৰা পানীৰ পাইপসমূহ পুনৰ বিকল হৈ গ’ল ৷ এনেধৰণৰ পৰিস্থিতিৰ কাৰণে পি ডব্লিউ ডি আৰু গুৱাহাটী পৌৰ নিগমৰ সমন্বয়ৰ অভাৱ ৷

পিডব্লিউডিয়ে বহু ঠাইত অৰাজকতাৰে পথসমূহ খান্দে ৷ যাৰ কাৰণে পানীৰ পাইপসমূহ নষ্ট হৈ যায় ৷ যদি পি ডব্লিউডিয়ে পানীৰ পাইপ খন্দাৰ বিষয়ে গুৱাহাটী পৌৰ নিগমক অৱগত কৰে তেন্তে তেওঁলোকে আগতীয়া পদক্ষেপ ল’ব পাৰে। অভিযন্তাগৰাকীয়ে লগতে কয় যে গুৱাহাটী মহানগৰীৰ নিবাসীসকলৰ অভিযোগ অনুসৰি গুৱাহাটী পৌৰ নিগমৰ বিষয়া আৰু বিশেষজ্ঞসকলে মহানগৰৰ বিভিন্ন ঠাই পৰ্যবেক্ষণ কৰে ।এই সময়ত দেখা গ’ল যে মহানগৰীৰ বিভিন্ন ক্ষেত্ৰত বহু ক্ষতিগ্ৰস্ত পাইপ মেৰামতি কৰিব লগা হৈ আছে ৷

এই ক্ষেত্ৰত সকলোতকৈ অধিক প্ৰভাৱিত অঞ্চলসমূহৰ ভিতৰত আছে লাচিত নগৰ,গান্ধী বস্তি,পূব শৰনীয়া,ৰিহাবাৰী,বিৰুবাৰী,কুমাৰপাৰা আৰু পল্টন বজাৰৰ কিছু অংশ । ইফালে বহু ঠাইত পানীৰ পাইপ নিৰ্মাণ কৰা হৈছে ।অভিযন্তা গৰাকীৰ মত অনুসৰি সম্প্ৰতি পানীৰ পাইপ বিকল হোৱা অঞ্চলসমূহৰ পাইপসমূহ মেৰামতিৰ কাৰণে পৰ্যাপ্ত ধনৰ অভাৱ ৷ লাচিত নগৰ বাইলেন ৭ ৰ এগৰাকী নিবাসীয়ে নিজৰ ধনেৰে পাইপ মেৰামতিৰ কাৰণে আগবাঢ়ি আহিছে ৷

পিডব্লিউডিয়ে প্ৰায়ে পাইপ সমূহ খন্দাৰ কাৰণে বহু অঞ্চলত নিৱাসীসকলে বহু দুষিত তথা লেতেৰা পানী পাই আছে ৷ লাচিত নগৰৰ নিবাসী ৰমেন দাসে কয় যে বিগত তিনিমাহে আমি লেতেৰা পানী সেৱন কৰি আছো ৷ এই সন্দৰ্ভত আমি পি ডব্লিউ ডিৰ লগত সম্পৰ্ক কৰি আছো । আৰু মহানগৰীত অনতিপলমে জল সংকট শেষ হ’ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷

অন্য খবৰৰ বাবে পঢ়ক :মেৰামতিৰ পিছতো জল সংকটৰ সন্মুখীন মহানগৰীবাসী

ভিডিঅ প্ৰতক্ষ্য কৰক:Digboi MLA Suren Phukan inaugurates houses under PM Awas Yojana- Gramin

Next Story
চাকৰি