Begin typing your search above and press return to search.

মেৰামতিৰ পিছতো জল সংকটৰ সন্মুখীন মহানগৰীবাসী

মেৰামতিৰ পিছতো জল সংকটৰ সন্মুখীন মহানগৰীবাসী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Aug 2019 9:16 AM GMT

বিগত সময়ত জু ৰোডত জল সংকটৰ কথা সকলোৰে জ্ঞাত ৷কিন্তু এতিয়াও এই জল সংকটৰ পৰা পৰিত্ৰাণ পোৱা নাই স্থানীয় ৰাইজে ৷কাৰণ জুৰোডৰ জল সম্পদ আঁচনিৰ অধীনত নিৰ্মাণ কৰা পানীৰ পাম্প পুনৰ বিকল হৈ পৰিল। বিভাগীয় বিষয়াই জনোৱা অনুসৰি জু ৰোডৰ জল সম্পদ আঁচনিৰ অধীনত প্ৰায় ৭১৫৪ টা পানী যোগান ব্যৱস্থা আছে ৷

এই ব্যৱস্থাত পানী যোগান দিব পৰা চাৰিটা পানীৰ পাম্প আছে। এই পাম্পসমূহৰ দুটা দীৰ্ঘসময় ধৰি ক্ষতি গ্ৰস্ত হৈ আছে। আৰু মেৰামতিৰ কাৰণে ৰখা হৈছে। আনহাতে চাৰিটা পাম্পৰ অন্য দুটা পাম্পৰ ভিতৰত এটা অৱস্থা শোচনীয় আৰু পুনৰ মেৰামতিৰ আৱশ্যক। কিন্তু প্ৰায় সাতঘন্টা চলাৰ পিছত মটৰ পাম্পটো বিকল হৈ পৰিছে ৷ইফালে

অসমৰ পিছপৰা অঞ্চলসমূহত বিশুদ্ধ খোৱা পানী যোগান ধৰাত দেশৰ বাকী অঞ্চলসমূহতকৈ আমাৰ ৰাজ্যখন বহুত পিছত আছে ৷ ৰাজ্যত ৮৮,০৭৬ পিছপৰা অঞ্চলসমূহৰ ভিতৰত কেৱল ৫৫,১৭১ টা অঞ্চলত খোৱা পানীৰ সুবিধা আছে।

ইফালে সম্প্ৰতি সমগ্ৰ ৰাজ্যত পিছপৰা অঞ্চলসমূহত পানীৰ ব্যৱস্থাটো অত্যন্ত মনকৰিব লগীয়া বিষয় ৷ পিছপৰা অঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ কেন্দ্ৰীয় জল সম্পদ বিভাগে বিত্তীয় সহায়তা প্ৰদান কৰিছে ৷ এই সকলো কাৰ্য কৰা হৈছিল ২০০৯ চনৰ ১ এপ্ৰিলত ৷ৰাজ্যখনত ৬২.৬ শতাংশ বস্তিত ১.৭৩ কোটি লোকে বাস কৰে । ৰাজ্যত মুঠ ২৩.১৩৭ টা অঞ্চল আংশিক ভাৱে আঁচনিৰ অধীনত আছে ৷

অন্য খবৰৰ বাবে পঢ়ক: অপৰ্যাপ্ত পানীত কাৰণে বিপদৰ সন্মুখীন জনসাধাৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক:MLA Angurlata Deka laid Foundation Stone for infrastructure development of Hatichung College

Next Story
চাকৰি