অপৰ্যাপ্ত পানীত কাৰণে বিপদৰ সন্মুখীন জনসাধাৰণ

অপৰ্যাপ্ত পানীত কাৰণে বিপদৰ সন্মুখীন জনসাধাৰণ

গুৱাহাটীৰ প্ৰধান অঞ্চলসমূহত পানীৰ নাটনিয়ে অঞ্চলকেইটাৰ জনসাধাৰণৰ মাজত ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ অৱশ্যে মহানগৰীত পানীৰ সমস্যা কোনো নতুন কথা নহয় ৷ সততে মহানগৰীৰ বিভিন্ন স্থানত পানীৰ সমস্যাই দেখা দিয়ে ৷ পিছে এইবাৰ পানীৰ নাটনি হোৱা অঞ্চল কেইটি হৈছে আৰ জি বৰুৱা ৰোড,গণেশগুৰি,খ্ৰীষ্টিয়ান বস্তি,ৰাজগড়, ৰুক্মিনীগাঁও,শ্ৰীনগৰ, তৰণ নগৰ,অম্বিকাগিৰি নগৰ,হেঙেৰাবাৰী, ৰূপনগৰ,জাপৰিগোগ,ভাস্কৰ নগৰ,সৰুমতৰিয়া আৰু জটিয়াবাসীৰ মাজত পানীৰ সমস্যা দেখা গৈছে ৷

তেওঁলোকে নিজৰ প্ৰয়োজনতকৈ সীমিত পৰিমাণৰ পানী লাভ কৰে ৷ইফালে বিগত কিছু দিনৰ পৰা পানীৰ পাইপৰ মেৰামতিৰ কাৰণে জল যোগান কিছু দিনৰ কাৰণে স্থবিৰ হৈ পৰিছে ৷ অৱশ্যে পানী পুনৰ দেওবাৰৰ পৰা লাভ কৰাৰ কথা আছিল যদিও সম্প্ৰতিও পানী পাইপৰ মেৰামতি কাম চলি আছে ৷ আৰু সোমবাৰ অৰ্থাৎ আজিৰ পৰা সেই অঞ্চলসমূহৰ লোকসকলে পানী লাভ কৰিব নে নকৰে সেয়াও সুনিশ্চিত নহয়।

পানীৰ সমস্যাৰ ক্ষেত্ৰত জি এছ ৰোডৰ এগৰাকী লোকে কয় যে তেওঁলোকে কেৱল আধা ঘন্টাৰ কাৰণে পানী লাভ কৰে। ইয়াৰোপৰি পানীৰ গতিও অত্যন্ত সীমিত ৷ আৰু প্ৰয়োজনতকৈ সীমিত পৰিমাণৰ তেওঁলোকে পানী লাভ কৰে। যদি চৰকাৰে সদা ব্যস্ত জি এছ ৰোডৰ দৰে ঠাইত পানীৰ ব্যৱস্থা কৰিব নোৱাৰে তেন্তে মহানগৰীৰৰ পাহাৰীয়া ঠাইসমূহৰ লোকসকলে কেনেদৰে পানীৰ সমস্যাত ভূগিব সেয়া চিন্তনীয় ৷

এক বিশেষ তথ্যৰ মত অনুসৰি জু ৰোডত প্ৰায় ৭১৫৪ টা জল যোগান আঁচনি আছে ৷চাৰিটাৰ ভিতৰত দুটা ৱাটাৰ পাম্প বিকল হোৱাৰ কাৰণে কেৱল দুটা পাম্পত পানীৰ সংযোগ দিয়া হৈছে ৷যদিও পানীৰ সংকট অব্যাহত আছে ৷

অসমৰ পিছপৰা অঞ্চলসমূহত বিশুদ্ধ খোৱা পানী যোগান ধৰাত দেশৰ বাকী অঞ্চলসমূহতকৈ আমাৰ ৰাজ্যখন বহুত পিছত আছে ৷ ৰাজ্যত ৮৮,০৭৬ পিছপৰা অঞ্চলসমূহৰ ভিতৰত কেৱল ৫৫,১৭১ টা অঞ্চলত খোৱা পানীৰ সুবিধা আছে।

ইফালে সম্প্ৰতি সমগ্ৰ ৰাজ্যত পিছপৰা অঞ্চলসমূহত পানীৰ ব্যৱস্থাটো অত্যন্ত মনকৰিব লগীয়া বিষয় ৷ পিছপৰা অঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ কেন্দ্ৰীয় জল সম্পদ বিভাগে বিত্তীয় সহায়তা প্ৰদান কৰিছে ৷ এই সকলো কাৰ্য কৰা হৈছিল ২০০৯ চনৰ ১ এপ্ৰিলত ৷ৰাজ্যখনত ৬২.৬ শতাংশ বস্তিত ১.৭৩ কোটি লোকে বাস কৰে । ৰাজ্যত মুঠ ২৩.১৩৭ টা অঞ্চল আংশিক ভাৱে আঁচনিৰ অধীনত আছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Congress leaders join BJP in state head office, Hengerabari

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com