মহানগৰীৰ প্ৰধান অঞ্চলত অনাগত চাৰিদিনত নাথাকিব খোৱা পানীৰ ব্যৱস্থা

মহানগৰীৰ প্ৰধান অঞ্চলত অনাগত চাৰিদিনত নাথাকিব খোৱা পানীৰ ব্যৱস্থা

মহানগৰীৰৰ বিভিন্ন স্থানত বন্ধ থাকিব পানী যোগান ৷ পানীৰ পাইপ মেৰামতিৰ বাবে বন্ধ থাকিব পানী যোগান ৷ জু ৰোধৰ পানী যোগান আঁচনিৰ অধীনত পানী লাভ কৰা লোকসকলে অনাগত চাৰিদিনত পানী লাভ নকৰে ৷জু ৰোড,গণেশগুৰি,খ্ৰীষ্টানবস্তি,ৰাজগড়, ৰক্মিণীনগৰ,শ্ৰীনগৰ,ৰাজগড়,তৰুণ নগৰ,অম্বিকাগিৰী নগৰ,হেঙেৰাবাড়ী,ৰূপ নগৰ,জাপৰিগোগ, ভাস্কৰ নগৰ,সৰু মটীয়া আৰু জটীয়াত বন্ধ থাকিব পানী যোগান ৷

৮ আগষ্টৰ পৰা ১১ আগষ্টলৈ এই অঞ্চলসমূহত পানী যোগান বন্ধ হৈ থাকিব ৷ এক বিশেষ তথ্যৰ মত অনুসৰি জু ৰোড পানী যোগান আঁচনিৰ অধীনত প্ৰায় ৭১৫৪ টা পানীৰ ব্যৱস্থা আছে। ইয়াত পানীৰ পাম্পৰ ব্যৱস্থা আছে যদিও পানী যোগানৰ ব্যৱস্থাসমূহ দীৰ্ঘ সময় ধৰি ক্ষতিগ্ৰস্ত হৈ আছে ৷আৰু এই পানীৰ ব্যৱস্থাক পুনৰ নিৰ্মাণৰ প্ৰয়োজন আছে ৷গতিকে এই পানীৰ ব্যৱস্থাসমূহক পুনৰ মেৰামতি কৰা হ’ব ৷যাতে অনাগত দিনত জনসাধাৰণ বিপদৰ সন্মুখীন নহয় ৷

বৃহস্পতিবাৰে গুৱাহাটী জল বৰ্ডে এখন ন’টিছ জাৰী কৰিছে ৷এই সন্দৰ্ভত কামৰূপৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে পানীৰ যোগানৰ ক্ষেত্ৰত হোৱা বিভিন্ন অসুবিধাৰ কাৰণে পানী যোগানৰ পাইপসমূহ মেৰামতি কৰা হ’ব ৷যাতে অনাগত দিনত জনসাধাৰণৰ কোনো অসুবিধা নহয় ৷ গতিকে সাম্প্ৰতিক পৰিস্থিতিৰ লগত সহযোগ কৰিবলৈ সকলোকে আহ্বান কৰে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

অসমত খোৱা পানীৰ সমস্যাৰ প্ৰসংগটো কোনো নতুন কথা নহয় ৷ অসমৰ পিছপৰা অঞ্চলসমূহত বিশুদ্ধ খোৱা পানী যোগান ধৰাত দেশৰ বাকী অঞ্চলসমূহতকৈ আমাৰ ৰাজ্যখন বহুত পিছত আছে ৷ ৰাজ্যত ৮৮,০৭৬ পিছপৰা অঞ্চলসমূহৰ ভিতৰত কেৱল ৫৫,১৭১ টা অঞ্চলত খোৱা পানীৰ সুবিধা আছে।

ইফালে সম্প্ৰতি সমগ্ৰ ৰাজ্যত পিছপৰা অঞ্চলসমূহত পানীৰ ব্যৱস্থাটো অত্যন্ত মনকৰিব লগীয়া বিষয় ৷ পিছপৰা অঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ কেন্দ্ৰীয় জল সম্পদ বিভাগে বিত্তীয় সহায়তা প্ৰদান কৰিছে ৷ এই সকলো কাৰ্য কৰা হৈছিল ২০০৯ চনৰ ১ এপ্ৰিলত ৷ৰাজ্যখনত ৬২.৬ শতাংশ বস্তিত ১.৭৩ কোটি লোকে বাস কৰে । ৰাজ্যত মুঠ ২৩.১৩৭ টা অঞ্চল আংশিক ভাৱে আঁচনিৰ অধীনত আছে ৷

কিন্তু এক মন কৰিবলগীয়া কথা এয়ে যে ৰাজ্যত ৯৭৮৬ পিছপৰা অঞ্চলত খোৱা পানীৰ সুবিধা অত্যন্ত শোচনীয়৷ কাৰণ এই পানী প্ৰচুৰ পৰিমাণে ফ্ল’ৰাইট,আৰ্চেনিক, লোহা আৰু অন্যান্য শৰীৰৰ কাৰণে দূষিত পদাৰ্থসমূহ পোৱা গৈছে। ইফালে অসমত যিসমূহ আঁচনিৰ অধীনত পানী যোগানৰ ব্যৱস্থা অত্যন্ত শোচনীয় প্ৰদৰ্শন কৰিছে তাৰ ভিতৰত আছে মাজুলী ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com