প্লাষ্টিক ব্যবহাৰৰ বিৰুদ্ধে সজাগতা: প্লাষ্টিক ব্যবহাৰ নিষিদ্ধ কাছাৰ প্ৰশাসনৰ

প্লাষ্টিক ব্যবহাৰৰ বিৰুদ্ধে সজাগতা: প্লাষ্টিক ব্যবহাৰ নিষিদ্ধ কাছাৰ প্ৰশাসনৰ

কাছাৰত প্লাষ্টিক ব্যবহাৰৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে ১৩ জুলাইৰ পৰা জিলা খনত প্লাষ্টিক ব্যবহাৰ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে । ৰিপোৰ্টৰ মতে, প্লাষ্টিকৰ বাছন বৰ্তনৰ পৰা আৰম্ভ কৰি বেগ, পতাকা সকলো নিষিদ্ধ ঘোষণা কৰিছে জিলা খনত । পৰিবেশ সুৰক্ষাৰ স্বাৰ্থতে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

কিছুদিনৰ পূৰ্বে কাছাৰৰ জিলা উপায়ুক্ত লায়া মাদুৰিয়ে কাছাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ হৈ প্লাষ্টিক ব্যবহাৰৰ ক্ষেত্ৰত পত্ৰ প্ৰেৰণ কৰিছিল । এই পত্ৰ খন সকলো বানিজ্যিক সন্থা, ব্যবসায়িক , স্থানীয় দোকান আৰু সংগঠন, বিবাহ ভবনৰ মালিক,সন্থা আৰু শিলচৰৰ সকলো নাগৰিকলৈ প্ৰেৰণ কৰে।জিলা প্ৰশাসনে কাছাৰ খন প্লাষ্টিক মুক্ত জিলা হিচাপে গঢ়ি তুলিব বিচাৰিছে । সেয়েহে জিলা খনত ১৩ জুলাইৰ পৰা প্লাষ্টিক ব্যবহাৰ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে ।

প্লাষ্টিক প্ৰদুষনে পৃথিবীৰ পৰিবেশ দুষিত কৰাৰ লগতে ভূমি প্ৰদুষন , বন্যপ্ৰানী আৰু জনজীৱনতো যথেষ্ট প্ৰভাৱ পেলাই । প্লাষ্টিক সাধাৰণতে মাটিৰ লগত মিহলি হৈ যায় । সেয়েহে প্লাষ্টিক ব্যবহাৰে অধিক হাৰত পৰিবেশ প্ৰদুষন কৰাৰ লগতে ভুমি প্ৰদুষন কৰে । যাৰ ফলত মাটিৰ গুনাগুণ যথেষ্ট পৰিমাণে কমি যায় । কেৱল ভুমিয়ে নহয়, পানী আৰু সাগৰৰ পানীও দূষিত কৰে। প্ৰত্যেক বছৰে ১.১ ৰ পৰা ৮.৮ মিলিয়ন মেট্ৰিক টন প্লাষ্টিক ব্যবহাৰে পানী দূষিত কৰি আহিছে । যদি প্লাষ্টিকৰ ব্যবহাৰ বন্ধ নহয় তেনে ২০৫০ চনত সাগৰত মাছতকৈ প্লাষ্টিকৰ পৰিমাণ বেছি হব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com