আগন্তুক দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি : মা দুৰ্গাক আদৰিবলৈ উখল মাখল ৰাজ্য বাসী

আগন্তুক দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি : মা দুৰ্গাক আদৰিবলৈ উখল মাখল ৰাজ্য বাসী ।শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী ৷ চৌদিশে শাৰদী ৰাণীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷সমগ্ৰ ৰাজ্যৰ লগতে ব্যতিক্ৰম নহয় ৰেল নগৰী লামডিঙো ৷ লামডিঙত এইবাৰ ৫২ খন দূৰ্গা পূজাৰ আয়োজন কৰা হৈছে ৷
এইসমূহ পূজা মণ্ডপলৈ দেৱী প্ৰতিমা যোগান ধৰিব লামডিঙৰে মূৰ্তি নিৰ্মাতা প্ৰতিষ্ঠান সমূহে ৷ সেয়েহে প্ৰতিষ্ঠান সমূহত পূজাৰ প্ৰাক ক্ষণত ব্যস্ততাৰ অন্ত নাইকীয়া হৈছে প্ৰতিমাৰ খনিকৰ মৃন্ময় শিল্পী সকলৰ মাজত ৷ দিনে নিশাই মৃন্ময় শিল্পী সকল ব্যস্ত এতিয়া দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ৷ মৃন্ময় শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দেৱী প্ৰতিমা সমূহ ৷ কেইটামান মূহুৰ্তৰ পিচতেই এই সমূহ প্ৰতিমা লৈ যোৱা হব জিলা খনৰ বিভিন্ন পূজা মণ্ডপ সমূহলৈ ৷
লগতে লামডিঙত দেখিবলৈ পোৱা গৈছে আন এক ব্যতিক্ৰমী ছবি । লামডিঙত পিতৃৰ সৈতে প্ৰতিমা সমূহৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে এগৰাকী কিশোৰী ৷ কিছুদিন পূৰ্বে পিতৃয়ে দুৰ্ঘটনাত আহত হোৱাত এতিয়া পিতৃক প্ৰতিমা নিৰ্মাণ কৰাত সহায় আগবঢ়াই গৈছে কিশোৰী গৰাকীয়ে । কিশোৰী গৰাকীৰ পিতৃয়ে জনোৱা অনুসৰি ছয় সাত বছৰ বয়সৰ পৰাই পিতৃক প্ৰতিমা নিৰ্মাণ কাৰ্যত সহায় কৰি আহিছে কিশোৰী গৰাকীয়ে ।
অন্য খবৰৰ বাবে পঢ়ক:কলাইগাঁও বাসীৰ সপোন বাস্তৱায়িত, জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন
ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Chandrayan-II based theme at Guwahati’s Noonmati Sector 2