Begin typing your search above and press return to search.

উত্তৰপূবত ভূমিকম্পৰ কাৰণে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি

উত্তৰপূবত ভূমিকম্পৰ কাৰণে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2019 7:38 AM GMT

উত্তৰপূবত ভূমিকম্পৰ কাৰণে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি৷ বিগত শুক্ৰবাৰ আৰু শনিবাৰে উত্তৰপূবত অহা দুটা ভূমিকম্পই জনসাধাৰণ আৰু বিশেষজ্ঞসকলৰ মাজত ভয় আৰু চিন্তাৰ সঞ্চাৰ কৰিছে। ৰিখটাৰ স্কেলত ৫.৫,৫.৬,৩.৮ আৰু ৪.৯ তীব্ৰতাৰ চাৰিটা ভূমিকম্পই শুক্ৰবাৰ আৰু শনিবাৰে অৰুণাচল প্ৰদেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে অসমৰ লগতে উত্তৰ পূবৰ সকলো ৰাজ্যতে এই ভূমিকম্পৰ অনুভৱ কৰা হৈছিল আৰু চাৰিটা ভূমিকম্পৰ স্থান আছিল অৰূণাচল প্ৰদেশ ৷

২.৫৩ বজাত ভূমিকম্পৰ জোকাৰণি হয়। দুটাকৈ ভূমিকম্পয়ে জোকাৰি যায় উত্তৰ পূৰ্বাঞ্চল। প্ৰথম ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত ৫:৬ প্ৰাবল্যৰ । ভূমিকম্পটোৰ উৎপত্তিস্থল অৰুণাচলৰ পূৱ কামেং জিলাত ।

আনটো ভুমিকম্প ৩.০৪ বজাত হয় । দ্বিতীয়টো ভূমিকম্পৰ ৰিখটাৰ স্কেলত ৩.৮ প্ৰাবল্যৰ । অৰুণাচল প্ৰদেশৰ কামেং জিলাত ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ জোকাৰণি হয়।

প্ৰসিদ্ধ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষজ্ঞ মাণিক কৰে কয় যে উত্তৰ পূবত ক্ৰমে চাৰিটা ভূমিকম্পৰ পিছতে ইয়াত এটা বৃহৎ ভূমিকম্প অহাৰ সম্ভৱনা আছে ।১৯৫০ চনত অহা ভূমিকম্পই ১৩ ৰ পৰা ২৬ ফ্ৰেব্ৰুৱাৰীৰ মাজত অহা ভূমিকম্পৰ পিছত ১৫ আগষ্টত ৮.৬ ৰিখটাৰ স্কেলত অহা ভূমিকম্পই সকলোকে শেষ কৰি দিছিল ৷

নগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন অধ্যক্ষ কাৰ আৰু তেজপুৰ মহাবিদ্যালয়ৰ এজন অধ্যক্ষই কয় যে অৱশ্যে লোকসকলে ভূমিকম্পক লৈ ভয় খোৱাৰ পৰিৱৰ্তে পূৰ্বে সতৰ্কতা অৱলম্বণ কৰিব লাগে ৷ জনসাধাৰণ সতৰ্কতা আৰু সজাগ নোহোৱাৰ কাৰণেই লোকসকলে ভূমিকম্পত মৃত্যু বৰণ কৰে।

দ্বিতীয়তে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিঙৰ বিভাগৰ কৰ্তৃপক্ষই কয় যে উত্তৰ পূবত ক্ৰমে সীমিত তীব্ৰতাৰ ভূমিকম্প সাধাৰণ৷ কিন্তু ভূমিকম্প যদি বাৰে বাৰে হৈ আছে , লগতে ইয়াৰ অভিকেন্দ্ৰ কোনো অঞ্চলৰ আশে পাশে হয় তেন্তে আমি সেই ক্ষেত্ৰত অধিক সাৱধান হ’ব লাগে ৷ আইআইটী গুৱাহাটীৰ এজন শিক্ষকে কয় যে আইআইটী গুৱাহাটীৰ কৰ্তৃপক্ষই প্ৰথম ভূমিকম্পৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা সম্পৰ্কে উল্লেখ কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: স্বাধীনতা দিৱসত মোদীৰ ভাষন: ২ ঘন্টাত ৮৫০ মতামত মোদীলৈ

Next Story
চাকৰি