স্বাধীনতা দিৱসত মোদীৰ ভাষন: ২ ঘন্টাত ৮৫০ মতামত মোদীলৈ

স্বাধীনতা দিৱসত মোদীৰ  ভাষন: ২ ঘন্টাত ৮৫০ মতামত মোদীলৈ

দেশৰ স্বাধীনতা দিৱসত ভাষন দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ মতামত বিচাৰে । শুকুৰবাৰে দেশবাসীক মতামত দিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে । ২০১৯ চনৰ স্বাধীনতা দিৱসত লালকিল্লাত দিবলগীয়া ভাষণৰ বাবে দেশবাসীৰ মতামত বিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। NaMo এপৰ অ’পেন ফৰামত দেশৰ জনতাৰ পৰা দিহা–পৰামৰ্শ বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাইজৰ মতামত গ্ৰহণ কৰি সেয়া স্বাধীনতা দিৱসৰ লগতে আন গুৰুত্বপূৰ্ণ ভাষণত সন্নিৱিষ্ট কৰিব নৰেন্দ্ৰ মোদীয়ে।মোদীৰ আহ্বানৰ পিছতে মাত্ৰ ২ ঘন্টাৰ ভিতৰত ৮৫০ টা মতামত গ্ৰহণ কৰে মোদীয়ে । এই মতামত সমূহৰ ভিতৰত শিক্ষাকে ধৰি সমগ্ৰ দেশবাসীৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা আদি সন্নিবিষ্ট আছে । জনসাধাৰণৰ মাজত স্বচ্ছ ভাৰত মিছনৰ সজাগতা সৃষ্টি কৰা কথাও উল্লেখ কৰা হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পিছতে মাত্ৰ ২ ঘন্টাৰ ভিতৰত ৮৫০ টা মতামত গ্ৰহণ কৰে মোদীয়ে । NaMo এপৰ জৰিয়তে দেশবাসীৰ মতামত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে, ১৫ আগষ্টৰ ভাষনৰ বাবে সকলোৰে বহুমূলীয়া মতামত বিচাৰিছো। লাল কিল্লাত ১৩০ কোটি জনসাধাৰণৰ ভাব শুনিবলৈ পাব "।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছিল পুৱা ১১.১৫ বজাত । টুইটাৰত প্ৰকাশ কৰাৰ পাছতে ২.১৫ বজালৈকে মাত্ৰ ২ ঘন্টা সময়তে মোদীয়ে ৮৫০ মতামত লাভ কৰে। এই মতামত সমূহৰ ভিতৰত শিক্ষাকে ধৰি সমগ্ৰ দেশবাসীৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা আদি সন্নিবিষ্ট আছে । জনসাধাৰণৰ মাজত স্বচ্ছ ভাৰত মিছনৰ সজাগতা সৃষ্টি কৰা কথাও উল্লেখ কৰা হৈছে । লগতে অৰ্থনৈতিক উন্নয়নৰ কথাও উল্লেখ কৰা পৰিলক্ষিত হয় ।মোদীয়ে পূৰ্বৰ ‘মন কী বাত’ অনুষ্ঠানৰ তথ্যসমূহো পৰ্যবেক্ষণ কৰিছে। প্ৰকাশিত তথ্যসমূহ উল্লেখ কৰা আৰু সেই সন্দৰ্ভত বিৱৰণ দাঙি ধৰাটো প্ৰধানমন্ত্ৰী মোদীৰ বাবে অগতানুগতিক নহয়।

১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত প্ৰথম বাৰলৈ ভাষন প্ৰধান কৰিব । লোকসভা নিৰ্বাচনত বিজেপিয়ে বিপুল ভোটত জয় হোৱাৰ পাছত বিজেপিয়ে শাসনৰ গাদী দখল কৰে। বিজেপিয়ে লোকসভা নিৰ্বাচনত ৩৫২ খন আসন লাভ কৰিছিল । তাৰ পৰিবৰ্তে কংগ্ৰেছ লাভ কৰিছিল ৫২ খন আসন লাভ কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com