Begin typing your search above and press return to search.

আৰ্থিক অৱস্থাৰ বিৰুদ্ধে কংগ্ৰেছৰ ৬-৯ নবেম্বৰৰ পৰা প্ৰতিবাদ

আৰ্থিক অৱস্থাৰ বিৰুদ্ধে কংগ্ৰেছৰ ৬-৯ নবেম্বৰৰ পৰা প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2019 4:51 AM GMT

বিজেপি চৰকাৰৰ আৰ্থিক পৰিস্থিতিৰ বিৰুদ্ধে চলিত বৰ্ষৰ পাঁচৰ পৰা পোন্ধৰ নবেম্বৰলৈকে কংগ্ৰেছে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ৷অসমত এই সন্দৰ্ভত বিৰোধ হ’ব ৬ ৰ পৰা ৯ নবেম্বৰলৈকে। সোমবাৰে ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ সচিব অবিনাশ পাণ্ডেই কয় যে প্ৰায় চাৰে পাঁচ বছৰীয়া শাসনত দেশত নিবনুৱাসমস্যাকে ধৰি আন কিছুমান সমস্যা বৃদ্ধি পাইছে ৷

ইয়াৰোপৰি অত্যাৱশকীয় বস্তুৰ মূল্য বৃদ্ধি,কৃষি খণ্ডলৈ সংকট,চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চাকৰি আদিৰ বিৰোধ প্ৰদৰ্শণ হৈছে। লগতে দেশৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত মন্তব্য কৰি পাণ্ডেয় কয় যে দেশৰ আৰ্থিক অৱস্থা সম্প্ৰতি মন কৰিব লগীয়া ৷কৃষকৰ সৰ্ব প্ৰকাৰৰ উন্নতিৰ কথা কোৱা চৰকাৰৰ সম্প্ৰতি নিবনুৱা সমস্যা সকলোতকৈ বেছি তথা কৃষকৰ আত্মহত্যাৰ সংখ্যা সকলোতকৈ বেছি ।

গতিকে এই সকলোবোৰ অৱস্থাৰ বিৰুদ্ধে আমি ডিচেম্বৰ প্ৰথম সপ্তাহত আমি দিল্লীত বিৰোধ প্ৰদৰ্শণ কৰিম ।আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এক বিশেষ সূত্ৰৰ মন্তব্য অনুসৰি ৬ নবেম্বৰত দলে গুৱাহাটীত আৰবিআইৰ সন্মুখত আৰু সাত,আঠ আৰু ন নবেম্বৰত ৰাজ্যৰ সকলো জিলাত প্ৰতিবাদ কৰিব। এই সংবাদ সন্মিলন খনত দেবব্ৰত শইকীয়া আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন উপস্থিত আছিল।

অন্য খবৰৰ বাবে পঢ়ক: এন আৰ এল ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : 144th Birth Anniversary of Sardar Vallabhbhai Patel observed in South Salmara

Next Story
চাকৰি