অৰ্থনৈতিক সমীক্ষাত দেশৰ অৰ্থনীতি পাঁচ ত্ৰিলিয়নলৈ অগ্ৰসৰ হৈছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

অৰ্থনৈতিক সমীক্ষাত দেশৰ অৰ্থনীতি পাঁচ ত্ৰিলিয়নলৈ অগ্ৰসৰ হৈছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

বৃহস্পতিবাৰে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৮-১৯ বৰ্ষৰ অাৰ্থিক সমীক্ষা উন্নয়নৰ প্ৰশংসা কৰি কয় যে অৰ্থনৈতিক সমীক্ষাই দেশৰ অৰ্থনীতিত পাঁচ লাখ কোটি ডলাৰ কৰাৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ অগ্ৰসৰ হৈছে ৷ লগতে মোডীয়ে অৰ্থনৈতিক সমীক্ষাৰ প্ৰসংগত কয় যে ভাৰতীয় অৰ্থনীতিক পাঁচ লাখ কোটি ডলাৰ কৰি তোলাৰ ৰূপৰেখা দাঙি ধৰা হৈছে ৷

চলিত বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতিক পাঁচ হেজাৰ কোটি ডলাৰ কৰাৰ ৰূপৰেখাও ইয়াত ডাঙি ধৰা হৈছে ৷ অৰ্থনৈতিক সমীক্ষাই সামাজিক দিশত উন্নতি,তথা উদ্যোগিক আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। ইফালে বিত্ত মন্ত্ৰ্যালয়ৰ এক মন্তব্যত প্ৰকাশ পায় যে ২০২৪-২৫ বৰ্ষলৈকে পাঁচ লাখ কোটি ডলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশৰ উন্নয়ন ৮ শতাংশ কৰি ৰখা আৰু ইয়াৰ লগতে বিনিয়োগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে ।

উল্লেখ্য যে চৰকাৰে যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ ৭.৫ শতাংশ হ’ব বুলি পূৰ্বতে অনুমান কৰিছিল ৷ ইয়াৰ লগতে এই বুলিও উল্লেখ কৰা আছিল যে ভাৰতৰ অৰ্থনীতিক ৫ লাখ কোটি ডলাৰ কৰাৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে উন্নয়নৰ হাৰ ৮ শতাংশ কৰি ৰখা প্ৰয়োজন হ’ব ৷ইয়াৰ উপৰিও কৃষি খণ্ডক লৈও অৰ্থনৈতিক সমীক্ষাত উদ্বেগ প্ৰকাশ কৰা হৈছে ৷

ইয়াত কোৱা হৈছে যে খাদ্য সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ ফলত যোৱা বিত্তীয় বৰ্ষত হয়তো কৃষকে উৎপাদন হ্ৰাস কৰে৷ লগতে অনাগত দিনবোৰত খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ আশা কৰা হৈছে অৰ্থনৈতিক সমীক্ষাত ৷ আনহাতে যোৱা বিত্তীয় বৰ্ষত কৰ সংগ্ৰহ ১৩ শতাংশলৈ বৃদ্ধি পোৱা বুলি কোৱা হৈছে ৷কৰ্পৰেট কৰ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰত্যক্ষ কৰ প্ৰায় ১৬ শতাংশ হ্ৰাস পায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com