Begin typing your search above and press return to search.

সমগ্ৰ ৰাজ্যতে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ঈদ-আল-আধাৰ আনন্দ উল্লাস

সমগ্ৰ ৰাজ্যতে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ঈদ-আল-আধাৰ আনন্দ উল্লাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Aug 2019 8:42 AM GMT

আজি প্ৰবিত্ৰ ঈদ-আল-আধা ।সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক আনন্দ উল্লাসৰ পৰিবেশে বিৰাজ কৰিছে । প্ৰবিত্ৰ ঈদৰ উপলক্ষ্যে ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ।

প্ৰবিত্ৰ ঈদৰ উপলক্ষ্যে ৰাজ্যপাল জগদীশ মুখীয়ে সমগ্ৰ ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰবিত্ৰ ঈদৰ অৰ্থ হৈছে ত্যাগ । ত্যাগেৰে সমগ্ৰ ৰাজ্য বাসীৰ হত্যা -হিংসা পৰিহাৰ কৰি শান্তি প্ৰতিস্থা কৰিবলৈ উৎযাপন কৰা হয় প্ৰবিত্ৰ ঈদ -আল-আধা। নবী ইব্ৰাহিম খলিল উল্লাহৰ চৰম ত্যাগৰ স্মৃতিক সাৰোহত কৰিয়েই বিশ্বজুৰি ইছলামধৰ্মী জনগণে উদযাপন কৰি আহিছে ত্যাগৰ উৎসৱ ঈদ–উজ–আধা। ইব্ৰাহম খলিল উল্লাহৰ এই চৰম ত্যাগক স্মৰন কৰি বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ-আল-আধা। সমগ্ৰ বিশ্বৰ লগতে অসমৰ প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ–মালহেৰে উদযাপন কৰিছে ঈদ–উজ–আধা ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সকলো ইছলাম ধৰ্মাৱলম্বী লোকক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰে যে, এই উৎসৱে ৰাজ্যৰ লোকসকলৰ মাজত ভাতৃত্ববোধ অধিক সুদৃঢ় কৰিব ।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ে প্ৰবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ।ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ ল’লে ইছলাম ধৰ্মাৱলম্বী ৰাইজে। ঈদ–উজ–আধা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা। ঈদ–উজ–আধা উৎসৱ উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে। চলি আহিছে প্ৰতীকী কুৰবানীৰ পৰম্পৰা। ঈদ উপলক্ষে এক জাক–জমকতাপূৰ্ণ তথা আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উছাহ - উদ্দীপনা । ৰাজহুৱা স্থান, ঈদগাৰ ময়দান , মছজিদ আদি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে । আজি প্ৰত্যেক ইছলাম ধৰ্মাৱলম্বী লোকৰ বাসগৃহত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে । লগতে বিভিন্ন জনে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

মৌলানা বদৰউদ্দিন আজমলেও ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে । ঈদৰ আনন্দ আৰু উৎসৱৰ বতৰাই সকলোৰে মাজত কঢ়িয়াই আনক শান্তি-সমৃদ্ধি বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : প্ৰবিত্ৰ ঈদৰ প্ৰাকক্ষণত ইন্টেলিজেন্ট বি’ৰয়ে সন্ত্ৰাস এলাৰ্ট জাৰি কৰিছে

ভিডিঅ প্ৰতক্ষ্য কৰক: Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Next Story
চাকৰি