প্ৰবিত্ৰ ঈদৰ প্ৰাকক্ষণত ইন্টেলিজেন্ট বি'ৰয়ে সন্ত্ৰাস এলাৰ্ট জাৰি কৰিছে

প্ৰবিত্ৰ ঈদৰ প্ৰাকক্ষণত ইন্টেলিজেন্ট বি'ৰয়ে সন্ত্ৰাস এলাৰ্ট জাৰি কৰিছে

আজি প্ৰবিত্ৰ ঈদ। ঈদৰ প্ৰাকক্ষণত ইছলামিক সন্ত্ৰাসবাদী সংগঠনে কোনো সন্ত্ৰাস মূলক কাৰ্যকলাপৰ সংঘটিত কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ইন্টেলিজেন্ট বিৰ'য়ে । ইতিমধ্যে সংস্থাটোৱে এলাৰ্ট জাৰি কৰিছে । ইছলামিক সন্ত্ৰাসবাদী সংগঠন আই এচ আৰু আই এচ আয়ে ঈদৰ উপলক্ষ্যে সন্ত্ৰাস মূলক কাৰ্যকলাপৰ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে ।

এক গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে ৰাজ্যিক আৰক্ষী শাখা আৰু আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ইন্টেলিজেন্ট বিৰ'য়ে প্ৰকাশ কৰিছিল যে আই এচ আই , জেহাদি গোটে জম্বু - কাশ্মীৰৰ লগতে দেশৰ আন আন প্ৰান্তত সন্ত্ৰাস মূলক কাৰ্যকলাপৰ সংঘটিত কৰাৰ সম্ভাৱনা আছে ।মংগলবাৰে জম্বু-কাশ্মীৰৰ পৰা ঐতিহাসিক ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিল গৃহীত কৰা হয় । সোমবাৰে ৰাজ্যসভাত বিল খন গৃহীত হোৱাৰ পাছত মংগলবাৰে লোকসভাত বহুতো বাক-বিতন্দাৰ পাছত গৃহীত কৰা হয় ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ।

বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ’ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত । ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে । নিশাৰ পৰা শ্ৰীনগৰৰ পৰা জম্বুলৈ ঘোষণা কৰা হয় ১৪৪ ধাৰা। শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হয় ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে, ইছলামিক গোট আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনে বাছ আস্থান, ৰেল ষ্টেচন , বিমানবন্দৰ আৰু আন গুৰুত্বপূৰ্ণ স্থান সমূহত কুটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে বুলি প্ৰকাশ কৰিছে ।

ইন্টেলিজেন্ট বিৰ'ৰ শীৰ্ষ সূত্ৰয়ে প্ৰকাশ কৰা মতে , চৰকাৰে জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত শীঘ্ৰেই সন্ত্ৰাসবাদ মূলক কাৰ্যকলাপ মষিমূৰ হব। ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে দেশৰ বিভিন্ন ৰাজ্যত অভিযান অব্যাহত ৰাখিছে। কেৰেলাকে ধৰি বিভিন্ন স্থানত অভিযান চলাইছে । কিছু দিনৰ পূৰ্বে শ্ৰী লংকাত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত ২৫০ জনকৈ লোকৰ মৃত্যু হৈছিল ।

ৰাজ্যসভাত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ গৃহীত হোৱাৰ পাছতে মোদী চৰকাৰে ২০০০ চাট ফোন, দ্ৰোণ আৰু ৩৫ হাজাৰ সেনা মোতায়েন কৰা হৈছে । সমান্তৰাললৈ সমগ্ৰ দেশতে সতৰ্কতা জাৰি কৰিছে ।৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ পিছতে যিখিনি পৰিবৰ্তন হব সেই সমূহ জম্বু-কাশ্মীৰ বাসীয়ে সহজ ভাৱে গ্ৰহণ কৰিব নোৱাৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com