আজি ৮ বজাত জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সন্দৰ্ভত দেশবাসীক সম্বোধন কৰিব মোদীয়ে

আজি ৮ বজাত জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সন্দৰ্ভত দেশবাসীক সম্বোধন কৰিব মোদীয়ে

আজি সন্ধিয়া ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সন্দৰ্ভত ভাষন প্ৰদান কৰিব । ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছত জম্বু-কাশ্মীৰ আৰু লাডাখ দুখন কেন্দ্ৰীয় শাসিত ৰাজ্য হব । লগতে জম্বু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰা হয় ।বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ’ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত ।

https://twitter.com/PMOIndia/status/1159388220196642818

টুইটাৰযোগে এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।

মঙলবাৰে সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰি জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হয়। বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ কথা আছিল যদিও জ্যেষ্ঠ বিজেপি নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসানৰ বাবে স্থগিত ৰখা হৈছিল।

সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদা প্ৰদান কৰিছিল। জম্বু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আৰু ৩৫ এ প্ৰত্যাহাৰ কৰিবলৈ নিৰাপত্তাৰ বিষয়ৰ উপৰত লক্ষ্য ৰাখি , লগতে পৰিকল্পনা, প্ৰস্তুতি বহু আগৰে পৰা চলাইছিল মোদী চৰকাৰে । দীঘলীয়া প্ৰস্তুতিৰ অন্তত সোমবাৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জম্বু-কাশ্মীৰৰ সন্দৰ্ভত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল নিজে শ্ৰীনগৰত উপস্থিত হয়। যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিষ্ঠিতি সৃষ্টি নহয় । ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে মোদী চৰকাৰে ২০০০ চাট ফোন, দ্ৰোণ আৰু ৩৫ হাজাৰ সেনা মোতায়েন কৰা হৈছে । সমান্তৰাললৈ সমগ্ৰ দেশতে সতৰ্কতা জাৰি কৰিছে ।৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ পিছতে যিখিনি পৰিবৰ্তন হব সেই সমূহ জম্বু-কাশ্মীৰ বাসীয়ে সহজ ভাৱে গ্ৰহণ কৰিব নোৱাৰিব ।

জম্মু–কাশ্মীৰক উন্নত ৰাজ্য হিচাপে গঢ়িব কেন্দ্ৰই অমিত শ্বাহে কয় যে পৰিস্থিতিৰ উন্নতি ঘটিলে আৰু সঠিক সময় আহিলে জম্মু–কাশ্মীৰক পুনৰ পূৰ্ণৰাজ্য কৰা হ’ব। গৃহমন্ত্ৰীৰ মতে, অনুচ্ছেদ–৩৭০ ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা। অনুচ্ছেদ–৩৭০ আৰু ৩৫এ আঁতৰ নকৰাকৈ সন্ত্ৰাসবাদ নিঃশেষ কৰাটো সম্ভৱ নহয়।

ভিডিঅ প্ৰতক্ষ্য কৰক :Nalbari mourns death of former Union Minister Sushma Swaraj

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com