Begin typing your search above and press return to search.

পাকিস্তানে বহিস্কাৰ কৰিলে ভাৰতৰ ৰাষ্ট্ৰদূতক: দ্বিপাক্ষিক বানিজ্যিক সম্পৰ্ক বাতিল

পাকিস্তানে বহিস্কাৰ কৰিলে ভাৰতৰ ৰাষ্ট্ৰদূতক: দ্বিপাক্ষিক বানিজ্যিক সম্পৰ্ক বাতিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Aug 2019 7:35 AM GMT

পাকিস্তানে বুধবাৰে ভাৰতৰ ৰাষ্ট্ৰদূত অজয় বিচাৰিয়াক ইছলামাবাদৰ পৰা বহিষ্কাৰ কৰিছে । লগতে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমোদ কুৰেশ্বীয়ে লগতে প্ৰকাশ কৰে যে, তেওঁলোকৰ ৰাষ্ট্ৰদূতকো মাতি পঠিওৱা হব ।

জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানে । জম্বু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰাৰ পাছত ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক বানিজ্যিক সম্পৰ্ক ছেদ কৰে পাকিস্তানে ।

পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমোদ কুৰেশ্বীয়ে প্ৰকাশ কৰে যে, পাকিস্তানৰ ৰাষ্ট্ৰদূত নতুন দিল্লীত নাথাকিব আৰু শীঘ্ৰেই তেওঁক মাতি পঠিওৱা হব । ভাৰত চৰকাৰে কাশ্মীৰৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা কমিটিৰ দ্বিতীয় অধিবেশনত আলোচনা কৰা হয় ।

এই বিষয়তো পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো উত্থাপন কৰে । সংসদত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ পৰৱৰ্তী লক্ষ্য বুলি মন্তব্য কৰাৰ পিছতে পাকিস্তানে বিষয়টো অতি গুৰুতিব সহকাৰে লৈছে বুলি প্ৰকাশ পাইছে। ভাৰতৰ সৈতে পাকিস্তানৰ যি কূটনৈতিক সম্পৰ্ক আছিল, সেই সম্পৰ্কও এতিয়াৰ পৰা ৰক্ষা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানে। অনুষ্ঠিত হোৱা পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকত এনে কেত বোৰ সিদ্ধান্ত গ্ৰহণ কৰে পাকিস্তানে।

এই বৈঠকত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী পাৰভেজ খাট্টাক, বিদেশ মন্ত্ৰী শ্বাহ মেহমোদ কুৰেশ্বী, ষ্টাফ কমিতিৰ অধক্ষ্য জেনেৰেল জুবাইৰ হায়াত, মুখ্য সেনাধক্ষ্য জেনেৰেল কুৱামাৰ বাজৱা আৰু বহু কেইজন শীৰ্ষ বিষয়া।

জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শেষ মোহৰ মৰাৰ পিছত জম্বু-কাশ্মীৰত অন্ত পৰিলে বিশেষ মৰ্য্যদা। প্ৰথমতে এই বিল খন ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত লোকসভাতো গৃহীত হয় ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিল ।

বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ’ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত । ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে ।

সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰত বিধানসভাই নিজা সংবিধান প্ৰনয়ন কৰাৰ ক্ষমতা , দুখন পতাকা, সকলো কেন্দ্ৰীয় আইন বলবৎ নোহোৱা , বহিৰাগতই ভূ-সম্পতি ক্ৰয় কৰিব নোৱাৰা, কেন্দ্ৰই অৰ্থনৈতিক জৰুৰী শাসন বলবৎ কৰিব নোৱাৰা আদি সাংবিধানিক বাধাসমূহ বাতিল কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক: পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব: ভাৰত

ভিডিঅ প্ৰতক্ষ্য কৰক : A school in Gohpur in which students use boats to reach | The Sentinel News | Assam News

Next Story
চাকৰি