সৰু পৰ্দাৰ ৰাণী একতা কাপুৰলৈ বিশেষ সন্মান: অনুৰাগীক ধন্যবাম একতাৰ

সৰু পৰ্দাৰ ৰাণী একতা কাপুৰলৈ বিশেষ সন্মান: অনুৰাগীক ধন্যবাম একতাৰ

সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিকৰ পৰিচালক তথা প্ৰযোজক একতা কাপুৰে লাভ কৰিছে মনোৰঞ্জন জগতৰ সকলোতকৈ শক্তিশালী মহিলা ব্যৱসায়ীৰ বটাঁ। এই বটাঁ প্ৰদান কৰিছে বিশ্বৰ প্ৰসিদ্ধ ভাৰতীয় আলোচনী ফৰ্চ্যুন ইণ্ডিয়াই। এই সন্দৰ্ভত একতা কাপুৰে টুইটাৰ যোগে আলোচনীখনলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

একতা কাপুৰে নিজৰ মনোভাৱ ব্যক্ত কৰি লিখে যে মোক আগষ্ট কম্পেনীত অন্তৰ্ভূক্ত কৰাৰ কাৰণে ধন্যবাদ, ফৰ্চুণ ইণ্ডিয়া ৷মোৰ যাত্ৰা সম্প্ৰতি বহুত দীঘলীয়া ৷ মই বহুত সুখী। আশা কৰিছো আপোনালোকৰ আশীৰ্বাদক লৈ মই আগবাঢ়ি যাম। উল্লেখ্য যে একতা কাপুৰ ১৯৯৫ চনৰ পৰা সক্ৰিয় হৈ আছে ৷ একতাই নিজৰ প্ৰডাকশ্যন হাউচ বালাজী টেলীফিল্মছৰ যোগেৰে হাম পাঁছ,ক্যিয়কী চাচ ভী কভী বহু থী,কসোটি জীন্দেগী কী,কুমকুম ভাগ্য,নাগিন,কৱচৰ দৰে বহু ধাৰাবাহিক নিৰ্মাণ কৰিছিল। লগতে উড়তা পাঞ্জিৱ,ড্ৰীম গাৰ্ল,এক ভিলেইন,ৱানচ আপন এ টাইম ইন মুম্বাই,মিশ্যন ইস্তানবুলৰ দৰে ছবি নিৰ্মাণ কৰিছিল ৷সম্প্ৰতি অল্ট বালাজীত একতা কাপুৰৰ বহু ৱেব চিৰিজে দৰ্শকক আকৰ্ষণ কৰিছে ৷

এগৰাকী অবিবাহিত মহিলা হৈ বলীউড তথা সৰু পৰ্দাত নিজক প্ৰতিষ্ঠা কৰাটো সচাঁকৈয়ে আন দহগৰাকী যুৱতীৰ কাৰণে আদৰ্শ স্বৰূপ। এক সাক্ষাৎকাৰ অনুষ্ঠানত একতা কাপুৰে কৈছিল যে তেওঁক পিতৃয়ে বিয়া হোৱা অথবা কামৰ মাজত যিকোনো এটাক নিৰ্বাচন কৰিবলৈ কয়। একতাই কয় যে যেতিয়া মই ১৭ বছৰীয়া আছিলো তেতিয়া মোৰ পিতৃয়ে মোক কৈছিল যে বিয়া পাতা নতুবা পাৰ্টি কৰাৰ পৰিৱৰ্তে কাম কৰা ৷

লগতে মাহেকীয়া খৰচটোৰ বাহিৰে একো নিদিয়ে বুলি কয় একতাৰ পিতৃ জীতেন্দ্ৰই আৰু একতা কাপুৰে এটা এড এজেন্সীত কাম কৰা আৰম্ভ কৰে ।লগতে একতাই কয় যে যেনেধৰণে জীৱনটো অতিবাহিত কৰিছো,তালৈ লক্ষ্য কৰি ভাবিছিলো যে মোৰ জীৱনটো সুখৰ হ’ব ৷ ২২ বছৰ বয়সত মই বিয়া হ’ম আৰু জীৱনতো উপভোগ কৰিম । কিন্তু বাস্তৱত সেয়া ন’হল ৷ ইয়াৰ কাৰণে আক্ষেপ কৰি একতাই কয় যে মই যি ভাবো সেয়া কেতিয়াও নহয়। উল্লেখ্য যে একতা কাপুৰে এতিয়ালৈকে বিয়া হোৱা নাই।

আৰু চলিত বৰ্ষৰ জানুৱাৰীত সাৰোগেছীৰ জৰিয়তে এটি সন্তানৰ মাতৃ হৈছে একতা ৷ ইফালে একতা কাপুৰৰ প্ৰথম জনপ্ৰিয় ধাৰাবাহিক হৈছে “হ’ম পাঁছ”৷ এই ধাৰাবাহিক খন জী টিভি প্ৰচাৰিত হৈছিল ৷ যেতিয়া এই ধাৰাবাহিকখন প্ৰচাৰিত হৈছিল তেতিয়া একতা কাপুৰৰ বয়স আছিল ১৯ বছৰ ৷ ধাৰাবাহিক খন জনপ্ৰিয় হোৱাৰ পিছত একতা কাপুৰে পৰিচালকৰ ৰূপত আত্ম প্ৰকাশ কৰিলে ৷ সেই মুহুৰ্ত্ততে কিছুমান ধাৰাবাহিকে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল আৰু আন কিছুমান সফলতা লাভ নকৰিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com