Begin typing your search above and press return to search.

কংগনা ৰানাউট আৰু সংবাদদাতাৰ মতানৈক্যৰ পিছত সংবাদ মাধ্যমলৈ পত্ৰ একতা কাপুৰৰ

কংগনা ৰানাউট আৰু সংবাদদাতাৰ মতানৈক্যৰ পিছত সংবাদ মাধ্যমলৈ পত্ৰ একতা কাপুৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 July 2019 12:16 PM GMT

কংগনা ৰানাউট জজমেন্টেল হ্যে কিয়া ছবিখনৰ এটি গীত লন্স কৰাৰ সময়ত সংবাদ মাধ্যমৰ এজন সংবাদদাতাক কৰা তীক্ষ্ণ বাক্য বানৰ পিছত সম্প্ৰতি সংবাদ সংঘই কংগনাৰ অনুষ্ঠান বয়কট কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ পিছত বালাজী টেলীফিল্মছৰ স্বত্তাধিকাৰী একতা কাপুৰে সংবাদ মাধ্যমলৈ উদ্দেশ্য কৰি লগতে উক্ত ঘটনাৰ কাৰণে খেদ প্ৰকাশ কৰি এখন পত্ৰ লিখে ৷

https://twitter.com/ektaravikapoor/status/1148846778969669632

একতা কাপুৰে টুইটাৰ যোগে লিখে যে ২০১৯ চনৰ ৭ জুলাইত জজমেন্টেল হ্যে কিয়া ছবিখনৰ গীতৰ প্ৰম্যোশ্যনত সংঘটিত ঘটনাটি দুৰ্ভাগ্য পূৰ্ণ ৷ এই ঘটনাটিয়ে সম্প্ৰতি যথেষ্ট চৰ্চা লাভ কৰিছে ৷ এই ঘটনাটোৰ সন্দৰ্ভত সকলোৱে নিৰপেক্ষভাৱে ভাবক। ঘটনাটি আমাৰ ছবি ইভেন্টত সংঘটিত হ’ল৷ গতিকে এগৰাকী পৰিচালক হিছাপে মই ক্ষমা বিছাৰিচো ৷আমাৰ কাৰোবাক আঘাত কৰা উদ্যেশ্য নাছিল ৷ জজমেন্টেল হ্যে কিয়া ছবিখন ২৬ জুলাইত মুক্তি লাভ কৰিব ৷ আমি সংবাদ মাধ্যমক আহ্বান কৰিছোঁ যে এই ঘটনাটোৰ কাৰণে যাতে দলটোৱে কৰা কষ্ট অথলে নাযায় ৷

ইফালে সংবাদদাতা গৰাকীৰ কংগনা ৰানাউটৰ লগত হোৱা মতানৈক্যৰ পিছত কংগনাৰ ভগ্নী ৰংগলীয়ে টুইট কৰিছে ৷ ৰংগলীয়ে বিভিন্ন ধৰণৰ আপত্তিজনক ভাষা প্ৰয়োগ কৰি সংবাদ মাধ্যমৰ লোকজনক কটাক্ষ কৰিছে । লগতে কংগনা ৰানাউটে কেতিয়াও ক্ষমা নোখোজে বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে,জজমেন্টেল হ্যে কিয়া নামৰ ছবিখনৰ এটি গীতৰ লন্স কৰাৰ অনুষ্ঠানত এজন সংবাদ দাতাৰ ওপৰত টিঙিৰি তুলা হৈ পৰে কংগনা ৰানাউট ৷ অনুষ্ঠানটিত কংগনাই পত্ৰকাৰজনক উদ্দেশ্য কৰি কয় যে তুমিতো মোৰ শত্ৰু হৈ গ’লা ৷ বহুত নিম্ন মানদণ্ডৰ কথা লিখি আছা মোৰ বিষয়ে ৷ইমান বেয়া কেনেকৈ ভাবিব পাৰা ৷

কংগনাৰ প্ৰতিক্ৰিয়াৰ পিছতে সংবাদদাতা গৰাকীয়ে কয় যে এনেধৰণৰ অভিযোগ ভাল কথা নহয় ৷তেতিয়া কংগনা ৰানাউটে কয় যে তোমাৰ কাৰণে এনে ধৰণৰ ব্যৱহাৰ উচিত ৷ লগতে মণিকৰ্নিকা ছবিৰ প্ৰসংগৰ কথা উল্লেখ কৰি কংগনাই কয় যে তুমি কৈছিল যে মই এগৰাকী জিংগোষ্টিক মহিলা ৷যিয়ে মনিকৰ্নিকা নিৰ্মাণ কৰিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: সংবাদদাতাৰ ওপৰত ক্ষোভ প্ৰকাশ বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ

Next Story
চাকৰি