গোলাঘাট জিলাৰ মিৰিপথাৰত বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হাতীৰ

গোলাঘাট জিলাৰ মিৰিপথাৰত বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হাতীৰ

গোলাঘাট জিলাত বিভিন্ন স্থানত হোৱা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুই ভাবুকি মাতি আনিছে জিলা খনৰ বনৰীয়া হাতীৰ সংখ্যাৰ ক্ষেত্ৰত। আন এক দূখ জনক ঘটনা সংঘটিত হয় গোলাঘাট জিলাৰ মিৰিপথাৰ এলেকাত। বৃহস্পতিবাৰে পুৱাৰ ভাগত গোলাঘাট জিলাৰ মিৰিপথাৰ এলেকাৰ অন্তৰ্গত বুখিলা ফৰেষ্ট (Bukhila forest) ৰ ওচৰত এটা হাতী বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু বৰন কৰে।

সেই ঠাইৰ পৰা পোৱা তথ্য অনুসৰি,১১,০০০ ভল্টৰ বিদ্যুতৰ খুটাত বিদ্যুৎ পৃষ্ঠ হৈ ঠাইতে মৃত্যু বৰন কৰে বৃদ্ধ মাইকী হাতীৰ। বৈদ্যুতিক খুটাৰ ইনচুলেটৰৰ(insulator) পৰা তাৰ এডাল বিছিন্ন হৈ পৰি আছিল। যেতিয়া হাতীটোৱে সেই তাৰ ডাল স্পৰ্শ কৰিছিল লগে লগে বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হৈছিল হাতীটোৰ।

স্হানীয় মানুহৰ মত অনুসৰি আপাৰ দৈ গুৰুং ৰিজাৰ্ভ ফৰেষ্ট ( upper doigrung reserve forest ) ৰ পৰা কমেও ৩০/৪০ টা হাতী খাদ্যৰ সন্ধানত ওলাই আহিছিল। তাৰ ভিতৰত মাইকী হাতীটোৰ বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হৈছিল।বৃহস্পতিবাৰে ৰাতিপুৱা স্হানীয় জনসাধাৰণয়ে হাতীটো প্ৰত্যক্ষ কৰাৰ লগে লগে ঘটনা সন্দৰ্ভে অবগত কৰে বুখিলা ফৰেষ্ট কাৰ্যলয়ক।তাৰ পিছতেই ফৰেষ্ট ৰেঞ্জ অফিচাৰ পুষ্পধৰ বৰগোহাঁই এ তেওঁৰ দলৰ সৈতে ঘটনা স্হলিত উপস্হিত হৈ ঘটনা সম্পৰ্কে তদানীন্তন কৰে।

CWMC চামচুল আলিয়ে হাতীটোৰ মৰোনত্তৰ পৰীক্ষাৰ বাবে পানবাৰী লৈ আনে আৰু বন বিভিগে হাতীটোৰ কবৰ দিয়াৰ ব্যৱস্থা কৰে।নামবৰ দৈ গুৰুং অভয়াৰণ্য(nambor doi gurung forest ) (আপাৰ আৰু ল'য়াৰ দৈ গুৰুং এলেকাক সামৰি) ৰ ওচৰত হোৱা অ-নিয়ন্ত্ৰিত বন নিৰ্বনীকৰনৰ ফলত বনৰীয়া জীৱ-জন্তুৰ খাদ্যৰ ক্ষেত্ৰত ভাবুকি প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ ক্ষেত্ৰতো ভাবুকি আনিছে। বন্য‌ হস্তীৰ এনেদৰে বিদ্যুৎ পৃষ্ঠ হোৱা ঘটনাটো জিলা খনত থকা আন বন্য প্ৰাণীৰ ক্ষেত্ৰত চিন্তনীয় বিষয় হৈ পৰিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক :APCC to provide all legal support to genuine citizens excluded from final NRC list

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com