অসমলৈ সুনাম কঢ়িয়াই আনিলে এলভিজ আলী হাজৰিকাই:সাঁতুৰি আমেৰিকাৰ পৰা মেক্সিকো পালেগৈ এলভিছ

অসমলৈ সুনাম কঢ়িয়াই আনিলে এলভিজ আলী হাজৰিকাই:সাঁতুৰি আমেৰিকাৰ পৰা মেক্সিকো পালেগৈ এলভিছ

অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম সন্তান এলভিজ আলী হাজৰিকাই ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ বিৰল অভিলেখ গঢ়িলে আন্তঃৰাষ্ট্ৰীয় সাতোঁৰবিদ এলভিজ আলী হাজৰিকাই ৷১০ ঘন্টা ৫৯ মিনিটত মুঠ ৪০ কিলোমিটাৰ দূৰত্ব সাঁতুৰি অভিলেখ সৃষ্টি কৰিলে সাঁতোৰবিদ গৰাকীয়ে।

প্ৰাক্তন আন্তৰ্জাতিক সাঁতোৰবিদ ৰিমু সাহাৰ সৈতে ৰীলে কৰি সাঁতুৰিছিল এলভিছ আলী হাজৰিকাই ৷ ইফালে এলভিছ আলী হাজৰিকাই নিজৰ এই সাফল্য বিগত বৰ্ষত কাৰ্বি আংলঙৰ কাংঠিলাংচুত নিহত হোৱা অভি-নীল লৈ সমৰ্পণ কৰিছে ৷ আনহাতে কেটালীনা চেনেল চাৰ্কৰ কাৰণে জনাজাত ৷ দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিপদজ্জনক ছাৰ্কৰ বিচৰণ ভূমিৰ মাজেদি এই অভিযান এলভিছৰ ৷

উল্লেখ্য যে এলভিছে প্ৰায় ৬৮ ৰাষ্ট্ৰীয় আৰু ৬ টা আন্তৰাষ্ট্ৰীয় সোণৰ পদক লাভ কৰে ৷ইয়াৰোপৰি ১৯৯১ চনত ৯ বছৰ বয়সত এছিয়া পেছিফিক সাঁতোৰ চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিছিল এলভিজ আলী হাজৰিকাই ৷১৯৯৫ আৰু ১৯৯৯ চনত দক্ষিণ এছিয়া মহাসংঘ খেলত ভাৰত আৰু ২০০৯ চনত বিশ্ব পুলিছ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল এলভিছ আলী হাজৰিকাই।

লগতে অল ইণ্ডিয়া পেছিফিক নেশ্যনেল একুৱাটিক গেমছ,চাব জুনিয়ৰ,জুনিয়ৰ আৰু চিনিয়ৰ একুৱাটিক নেশ্যনেল চেম্পিয়নশ্বিপ আৰু নেশ্যনেল গেমছত এলভিজ আলী হাজৰিকাই অসমক প্ৰতিনিধিত্ব কৰিছিল ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: 73rd Independence Day celebration from various parts of Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com