Begin typing your search above and press return to search.

আহি আছে বিদ্যুতৰ দ্বাৰা পৰিচালিত বাহন:১০ মিনিটত চাৰ্জ হ’ব বেটাৰী

আহি আছে বিদ্যুতৰ দ্বাৰা পৰিচালিত বাহন:১০ মিনিটত চাৰ্জ হ’ব বেটাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2019 1:30 PM GMT

বিদ্যুতৰ দ্বাৰা পৰিচালিত বাহন ক্ৰয় কৰিব বুলি আপুনি যদি মনতে ভাবি আছে লগতে সেই বাহন খনক যদি বেটাৰি চাৰ্জ কৰাৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে তেন্তে আপুনি সেই চিন্তা পৰিত্যাগ কৰক ৷কাৰণ অভিযন্তাসকলে শেহতীয়াকৈ এক বিশেষ ব্যৱস্থা কৰিছে, যাৰ দ্বাৰা আপুনি পলকতে বাহনখন চাৰ্জ কৰি ল’ব পাৰি ৷ কিন্তু গুৰুত্ব পূৰ্ণ কথাটো এয়ে যে এই বাহনসমূহক চাৰ্জ কৰিবলৈ লাগিব সীমিত সময় ৷অৰ্থাৎ আপুনি একাপ চাহ খাই শেষ নকৰিব আৰু আপোনাৰ বাহন চাৰ্জ হৈ আপোনাক আৰামেৰে প্ৰায় ২০০ মাইল যাবলৈ সাজু কৰিব বাহনখনক ৷

অভিযন্তাসকলৰ এক বিশেষ দলে এক বিশেষ বেটাৰীৰ ব্যৱস্থা কৰিছে ৷ যিয়ে বাহনখনক ১০ মিনিটতে চাৰ্জ কৰি সক্ৰিয় কৰিব ৷ইফালে যিমান তীব্ৰতৰ ভাৱে চাৰ্জ হোৱা বেটাৰীসমূহ নিৰ্মাণ কৰিব সিমানেই বাহনসমূহৰ মূল্য বৃদ্ধি পাব ৷ আমেৰিকাৰ পেন ষ্টেট বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ মত অনুসৰি অনাগত সময়ত বিদ্যুতৰ দ্বাৰা পৰিচালিত বাহনসমূহৰ সংখ্যা বৃদ্ধি পাব ৷ যাৰ কাৰণে এনে ধৰণৰ বৈদ্যুতিক বাহনসমূহৰ চাৰ্জৰ কাৰণে বেটাৰীৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে এক দীৰ্ঘ সময় ধৰি বেটাৰীৰ চাৰ্জ কৰাটো বাহন খনৰ কাৰণে বিপদজনক হ’ব পাৰে । কাৰণ বিদ্যুতৰ দ্বাৰা পৰিচালিত বাহনখন ১০ মিনিট চাৰ্জ কৰিলেই গৰম হ’ব পাৰে ৷ইফালে বেটাৰী গৰম হোৱাৰ পিছত শীতল কৰিবলৈও বাহনখনতেই এক বিশেষ ব্যৱস্থা আছে। আনহাতে বৈদ্যুতিক বাহন খনক কেইবাবাৰো চাৰ্জ কৰিব পাৰে ।বাহনখনক ১০ মিনিট চাৰ্জ কৰিলেই প্ৰায় ২০০ ৰ পৰা ৩০০ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰিব। উল্লেখ্য যে বৈদ্যুতিক বাহন চাৰ্জ কৰিবলৈ ঘৰুৱা পদ্ধতি অৱলম্বণ কৰিব নালাগে। কাৰণ ঘৰত বিদ্যুতৰ জৰিয়তে চাৰ্জ দিয়াৰ ফলত কেতিয়াবা বিপদজনক ঘটনা হ’ব পাৰে ৷

গতিকে আগতীয়াকৈ সাৱধানতা অৱলম্বণ কৰিহে এনেধৰণে বাহন সমূহ চাৰ্জ কৰিব লাগে ।যাতে কোনো ধৰণৰ ঘটনা সংঘটিত নহয়। উল্লেখ্য যে অনাগত সময়ত কিছু সংখ্যক দেশত পেট্ৰ’ল আৰু ডিজেলেৰে পৰিচালিত বাহন সমূহত প্ৰতিবন্ধকতা আৰোপ কৰিব । এক বিশেষ তথ্য অনুসৰি ২০৪০ ৰ ভিতৰত পেট্ৰ’ল আৰু ডিজেলেৰে পৰিচালিত বাহনৰ ক্ষেত্ৰত চৰকাৰে বাধা প্ৰদান কৰিব ৷ গতিকে অনাগত দিনত বিদ্যুতৰ দ্বাৰা পৰিচালিত বাহন সমূহক জনসাধাৰণে কেনেধৰণৰে আদৰি লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক: এক চাঞ্চল্যকৰ ঘটনা: নৱজাতক জীৱিত অৱস্থাত জ্বলোৱাৰ প্ৰচেষ্টা ককাক আৰু খুড়াকৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Dilapidated Road Conditions under Borsola Constituency in Sonitpur

Next Story
চাকৰি