কেন্দ্ৰৰ অধ্যাদেশ জাৰিঃ স্বাস্থ্যকৰ্মীৰ আক্ৰমণকাৰীৰ সাত বছৰ পৰ্যন্ত জেল হব

কেন্দ্ৰৰ অধ্যাদেশ জাৰিঃ স্বাস্থ্যকৰ্মীৰ আক্ৰমণকাৰীৰ সাত বছৰ পৰ্যন্ত জেল হব

কেন্দ্ৰৰ অধ্যাদেশ জাৰিঃ স্বাস্থ্যকৰ্মীৰ আক্ৰমণকাৰীৰ সাত বছৰ পৰ্যন্ত জেল হব

ক’ৰ’না মহামাৰীৰ ভয়ংকৰ প্ৰাদুৰ্ভাবৰ সময়ত নিজৰ জীৱনলৈ কুণ্ঠাবোধ নকৰি সেৱা আগবঢ়াই অহা দেশৰ স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তাৰ বাবে এক শক্তিশালী আইনী পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰই ১৯৮৭ৰ মহামাৰী ৰোগ আইনৰ সংশোধন ঘটাই এক অধ্যাদেশ জাৰি কৰিছে। এই অধ্যাদেশ অনুসৰি স্বাস্থাকৰ্মীক আক্ৰমণকাৰীক সাত বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ ব্যৱস্থা আছে।তদুপৰি স্বাস্যকৰ্মীক আক্ৰমণকাৰীক জৰিমণাৰ শাস্তি বিহাৰ ব্যৱস্থাও এই অধ্যাদেশত কৰা হৈছে। উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ প্ৰকোপৰ পাছত দেশৰ বিভিন্ন স্থানত সন্দেহযুক্ত ক’ৰ’না মহামাৰী আক্ৰান্তৰ দ্বাৰা বহু স্বাস্থ্যকৰ্মী প্ৰহৃত হ’বলগা হয়। অসমতো এনে ঘটনা একাধিক সংঘটিত হয়।

এই ঘটনাৱলী বিশ্লেষণ কৰিলে দেখা যায় যে স্বাস্থ্যকৰ্মীয়ে সন্দেহযুক্ত আক্ৰান্তৰ নমুনা সংগ্ৰহ কৰিবলৈ যাওঁতে উন্মত্ত লোকৰ আক্ৰমণৰ সন্মুখীন হ’বলগা হয়। অৱশেষত কেন্দ্ৰই সমগ্ৰ দেশৰ স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তাৰ স্বাৰ্থত এই অধ্যাদেশ জাৰি কৰে। অধ্যাদেশত এই কোৱা হৈছে যে চিকিৎসালয়, ফাৰ্মাচী আৰু এম্বুলেন্সৰ ক্ষতিসাধন কৰা লোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ’ব। এই ক্ষেত্ৰত ক্ষতিগ্ৰস্ত সম্পদৰ দুগুণ মূল্য ক্ষতিসাধনকাৰীৰ পৰা সংগ্ৰহ কৰা হ’ব।

কেন্দ্ৰই কালি এই অধ্যাদেশ জাৰিৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ভাৰতীয় চিকিৎসা পৰিষদ (এম চি আই)ৰ সৈতে এক ভিডিঅ কনফাৰেন্সত মিলিত হয়। ইয়াৰ কিছু সময়ৰ পাছতে কেন্দ্ৰই ১৯৮৭ৰ মহামাৰী ৰোগ আইনৰ সংশোধন ঘটাই এই অধ্যাদেশ জাৰি কৰে। ইপিনে, দেশত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা আজি বৃহস্পতিবাৰে ২১,৭৯৭ লৈ বৃদ্ধি পায়। আনহাতে, মৃতৰ সংখ্যা ৬৮৩লৈ বৃদ্ধি পাইছে। দেশৰ ভিতৰত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হৈছে মহাৰাষ্ট্ৰত। তাৰ পাছতে আছে গুজৰাট। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। ইপিনে, যোৱা ২১ এপ্ৰিলৰ পৰা দেশৰ কেতবোৰ অঞ্চলত কিছুমান কাম-কাজ আৰু সেৱা আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত নিৰ্দেশনাও জাৰি কৰিছে। দেশৰ যিবোৰ অঞ্চলত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা নাই সেই অঞ্চলসমূহত চৰ্তসাপেক্ষে কেইটামান সেৱা আৰম্ভ কৰাৰ অনুমতি দিছে।আনহাতে, অসম চৰকাৰে অসমৰ বাহিৰত লক-ডাউনৰ ফলত আবদ্ধ ৮৬,০০০ লোকৰ একাউণ্টত ১৭.২০ কোটি টকা জমা কৰিছে। অসমৰ বাহিৰত আৱদ্ধ এনে প্ৰত্যেক ব্যক্তিলৈ ৰাজ্য চৰকাৰে ২০০০টকাকৈ সাহায্য আগবঢ়াইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com