Begin typing your search above and press return to search.

অব্যাহত আছে সোৱনশিৰি নদীৰ গৰাখহনীয়া, বিলুপ্ত হোৱাৰ পথত ঐতিহাসিক প্ৰসিদ্ধ বুঢ়ী মা থান

অব্যাহত আছে সোৱনশিৰি নদীৰ গৰাখহনীয়া, বিলুপ্ত হোৱাৰ পথত ঐতিহাসিক প্ৰসিদ্ধ বুঢ়ী মা থান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2019 10:42 AM GMT

অব্যাহত আছে সোৱনশিৰি ( subansiri) নদীৰ গৰাখহনীয়া, বিলুপ্ত হোৱাৰ পথত প্ৰসিদ্ধ বুঢ়ী মা থান। বানপানীৰ পিছতেই হোৱা ভয়ানক গৰাখহনীয়া ফলত ক্ষতি গ্ৰস্হ হৈছে বহুতো ঠাই। সোৱনশিৰি ও গৰাখহনীয়াৰ কবলত । ব্ৰহ্মপুত্ৰৰ সবাতোকৈ ডাঙৰ উপনদী সোৱনশিৰি। উপনদী খনৰ ঠায়ে ঠায়ে অবিৰাম গতিত চলি থকা গৰিখহনীয়াৰ ফলত ধ্বংস ৰ গৰাহলৈ গৈ আছে সোৱনশিৰি ।

কিছুদিনৰ পৰা চলি থকা গৰিখহনীয়াৰ ফলত এই নদীৰ সমানুপাতিক ভাৱে থকা ন আলি ( na Ali ) আৰু টেলিয়া পথাৰ ( telia pathar ) ৰ ৰাজহ চক্ৰত প্ৰভাৱ পেলাইছে ।বাঢ়ি অহা গৰাখহনীয়াৰ ফলত নদীৰ সো ফালে থকা ভীমপৰা ন আলি বান্ধ ( Bhimpora na Ali embankment ) ৰ পৰিস্থিতি ভয়ানক হৈ পৰিছে। এটা সৰু নদী দ্বীপৰ ডাঙৰ টুকুৰা আহি এই নদীৰ লগত মিলিত হৈছিল । এই নদীয়ে সেই বৃহৎ টুকুৰা খুন্দা মৰাৰ ফলত তেলিয়া আৰু ন আলি এলেকাৰ এটা বৃহৎ অংশ নষ্ট হৈছিল। লগতে নদীখন ত চলি থকা গৰাখহনীয়াৰ ফলত ইতিহাস প্ৰসিদ্ধ বুঢ়ী মা থান খনো পানীৰ সোতত বিলুপ্ত হোৱাৰ পথত ।

আনহাতে , এই নদীৰ ইতিমধ্যেই আধা শতাংশই নষ্ট হৈছিল চেক দ্যামৰ ( check dam ) লগত সংলগ্ন হৈ থকা ভীমপৰা ন‌ আলি বান্ধৰ । ইয়াৰ পৰিণতি স্বৰূপে এই অঞ্চলত বাস কৰা বহুতো পৰিয়াল অন্য সুৰক্ষিত স্হানলৈ স্হানন্তৰ হৈছে।ভয় আৰু শংকাত স্হানীয় লোক সকলে লক্ষীমপুৰ ৰ জল সম্পদ বিভাগ ( water resources division ) ৰ কাষ চাপে আৰু ধংসাত্মক পৰিস্থিতি ৰোধ কৰাৰ বাবে আহ্বান জনায় ।

ইতিমধ্যে WRD য়ে এটা গৰাখহনীয়া প্ৰতিৰোধ যোজনাত জুন মাহত মঞ্জৰী প্ৰদান কৰিছিল । কিন্তু বৰষুনৰ সময়ত এই যোজনা কাৰ্যকৰী কৰা সম্ভৱ নহয় বুলি কয় বিভাগটোৱে । কিন্তু স্হানীয় লোক সকলে চিন্তিত হৈ বিভাগটোক কয় যে , যোজনাটো কাৰ্যকাৰী কৰিব খুজিলে সেই সময়ত কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছিল। এই অঞ্চলত হোৱা সমস্যাৰ মূল কাৰণ হ'ল সময় মতে যোজনাটো কাৰ্যকৰী নোহোৱা। বৰ্তমান ভীমপৰা ন আলি বান্ধ ( Bhimpora na Ali embankment ) টো গৰাখহনীয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা ৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত আছে ।

অন্য খবৰৰ বাবে পঢ়ক: নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ সন্দৰ্ভত অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক:Indian and US Armies joint training sessions ‘Yudh Abhiyas-2019’ | The Sentinel News | Assam News

Next Story
চাকৰি