Begin typing your search above and press return to search.

ৰাজ্যত উদ্বেগ জনক বৃদ্ধি পাইছে শিশু সৰবৰাহৰ ঘটনা : উত্তৰ পূৱৰ ভিতৰতে শীৰ্ষত অসম

ৰাজ্যত উদ্বেগ জনক বৃদ্ধি পাইছে শিশু সৰবৰাহৰ ঘটনা : উত্তৰ পূৱৰ ভিতৰতে  শীৰ্ষত অসম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Nov 2019 8:33 AM GMT

ৰাজ্যত উদ্বেগ জনক বৃদ্ধি পাইছে শিশু সৰবৰাহৰ ঘটনা : উত্তৰ পূৱৰ ভিতৰতে শীৰ্ষত অসম ।ৰাজ্যত বৰ্তমানৰ দিনলৈকে বৃহৎ হাৰত সংঘটিত হৈ আছে শিশু সৰবৰাহৰ ঘটনা।চলিত বৰ্ষত ১৭ তা এনে ঘটনা ইতিমধ্যে পঞ্জীয়ন হৈছে।শিশু সকলৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যৰ ভিতৰতে অসম শীৰ্ষত আছে।

শেহতীয়া এক তথ্য অনুসৰি ২০১৯ ৰ ১০নৱেম্বৰ পৰ্যন্ত ৰাজ্যত শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনা মুঠ ১২৫ তা গোচৰ ইতিমধ্যে পঞ্জীয়ন হৈছে।ইয়াৰে ১৩ টা গোচৰ শিশুৰ বিৰূদ্ধে হোৱা হিংসাজনিত ঘটনা ,৫ টা শিশু শ্ৰমিকৰ ঘটনা,৪৩ টা শিশু ৰ বিৰুদ্ধে হোৱা যৌন নিৰ্যাতনৰ ঘটনা ,বাল্য বিবাহৰ ৫টা গোচৰ,২৪টা শিশু লালন পালন ৰ ক্ষেত্ৰত বিসংগতিৰ ঘটনা, শিশুৰ শিক্ষাৰ অধিকাৰ ভংগ ক্ষেত্ৰত ক্ষেত্ৰত ১৩ টা গোচৰ পঞ্জীয়ন হৈছে।

আনহাতে অসম শিশু অধিকাৰ আয়োগে জনোৱা অনুসৰি ৰাজ্যত শিশু সৰবৰাহৰ ঘটনা ২০১৮ ত ১১টা আৰু চলিত বর্ষত ১৭ টা গোচৰ পঞ্জীয়ন হৈছে ।

আনহাতে নেচনেল ক্ৰ।ইম ৰেকৰ্ড ব্যৰ জনোৱা অনুসৰি শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনাৰ ক্ষেত্ৰত মুঠ ১২৯০৩২ ৰ৪৯৫১ টা গোচৰ কেৱল অসমত পঞ্জীয়ন হৈছে।দেশৰ ভিতৰতে ৩.৮ শতাংশ শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ অসমত আৰু বিপৰীতে চুবুৰীয়া নাগালেণ্ডত এনে ঘটনা ০.১ শতাংশ সংঘটিত হৈছে।আনহাতে উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ ভিতৰত ত্ৰিপুৰাত ০.২শতাংশ ,মিজোৰামত ২২০ টা তথা ০.২ শতাংশ , ছিকিমত ১৯০ টা পঞ্জীভূত গোচৰ ০.১শতাংশ ,অৰুণাচল প্ৰদেশত আৰু মণিপুৰত ০.১শতাংশ শিশু অপৰাধৰ ঘটনা সংঘটিত হৈছে।ৰাজ্যৰ শিশু অধিকাৰ আয়োগৰ অধ্যক্ষ সুনিতা চাংকাকতিয়ে কয় যে বৰ্তমানৰ দিনত মানুহৰ মাজত শিশু অপৰাধৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি পাইছে যি পূৰ্বতে নাছিল।এই ক্ষেত্ৰত থকা আইনৰ বিষয়েও মানুহ অৱগত হোৱাত আমাৰ সমাজৰ শিশু অপৰাধৰ বহু ঘটনা পোহৰলৈ আহিছে।

অন্য খবৰৰ বাবে পঢ়ক: বন্য হস্তীৰ উপদ্ৰৱত ক্ষুব্ধ হৈ বিহগুৰিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি