Begin typing your search above and press return to search.

ফেচএপৰ জৰিয়তে ১৮ বছৰৰ পাছত এটা পৰিয়ালৰ পুনৰ মিলন

ফেচএপৰ জৰিয়তে ১৮ বছৰৰ পাছত এটা পৰিয়ালৰ পুনৰ মিলন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2019 1:38 PM GMT

ফেচএপৰ জৰিয়তে ১৮ বছৰে সংযোগ নথকা এটা পৰিয়ালক পুনৰ মিলন ঘটাবলৈ সক্ষম হৈছে । ২১ বছৰ বয়সৰ এজন যুৱকৰ পৰিয়ালক বিচাৰি উলিয়াবলৈ তদন্তকাৰী বিষয়ায়ে ফেচএপ ব্যবহাৰ কৰি কৰে।

ৰিপোৰ্টৰ মতে , যুৱক জনৰ নাম হৈছে য়ু ৱেইফেং । ১৮ বছৰৰ পূৰ্বে ২০০১ চনতে নিৰ্মীয়মান কাম চলি থকা এটা স্থানৰ পৰা অপহৰণ কৰিছিল যুৱক জনক । এই স্থানত যুবক জনে কাম কৰি আছিল। তাৰ পৰাই অপহৰণ কৰি নিছিল যুৱক জনক ১৮ বছৰৰ পূৰ্বে ।

পিছত, য়ু ৱেইফেংৰ অপহৰণৰ কেইবছৰ মানৰ আগতে বন্ধ কৰি দিয়া হৈছিল । কিন্তু গোচৰটো পুনৰ খোলা হৈছিল ।উল্লেখযোগ্য যে, অনুসন্ধানকাৰীয়ে All-based চফটৱেৰ ব্যবহাৰ কৰিছিল । এই এপটো প্ৰায় ফেচএপৰ লগত সামঞ্জস্য আছে । এই এপৰ যোগেদি গোৱাংজোৰ অধ্যয়ন কৰি থকা ১০০ টা ছাত্ৰৰ ভিতৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

সংবাদ মাধ্যমৰ আগত তদন্তকাৰী বিষয়ায়ে প্ৰকাশ কৰে যে, যেতিয়া আমি যুৱক জনক উদ্ধাৰ কৰো, তেওঁ বিশ্বাস কৰিবলৈ অমান্তি হৈছিল যে তেওঁ এটি অপহৃত শিশু । কিন্তু পিছত DNA ৰিপোৰ্টত তেওঁৰ জন্ম দিয়া পিতৃ মাতৃক প্ৰমাণ কৰি দিয়ে ।

আনহাতে , ৱেইফেংৰ পিতৃয়ে প্ৰকাশ কৰে যে, বৰ্তমান যুবক তেওঁক তুলি লোৱা পিতৃ মাতৃৰ লগত আছে । আমি অতি সুখী যে তেওঁলোকে যুৱক জনক ১৮ বছৰে ভৰন পোষণ দিলে। তেওঁক তুলি লোৱা যুৱক জন এতিয়া মোৰ ভাতৃৰ দৰে হৈ পৰিল। মোৰ লৰাৰ দুজন দেউতাক এতিয়া বুলি ৱেইফেংৰ পিতৃয়ে প্ৰকাশ কৰিলে ।

সদ্যহতে সৰ্বাধিক ব্যৱহৃত ফেচএপৰ |কাৰণ এই এপটোৰ জৰিয়তে আপুনি ৫০ বছৰৰ পিছত দেখিবলৈ কেনেকুৱা হ’ব সেইয়া চাব পাৰে ৷ বিগত কেইদিনমানৰ পৰা ছচিয়েল মিডিয়াৰ হুৱাটছ এপ,ফেছবুক,ইনষ্টাগ্ৰাম সকলোতে এই ফেছএপটোৱে কেনেধৰণে সকলো লোককে সাঙুৰি লৈছে, সেয়া সকলোৰে জ্ঞাত ৷

কেৱল সাধাৰনলোক বা যুৱক যুৱতীসকলেই নহয় ফেছএপৰ মোহত পৰিছে হলীউড, বলীউড তথা সৰু পৰ্দাৰ চেলীব্ৰেটীসকল ৷পিছ পৰি থকা নাই ৰাজনীতিবিদ সকলো ৷ৰাজনৈতিক নেত্ৰী আৰু অভিনেত্ৰী স্মৃতি ইৰানীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে ফেছএপত এখন ফটো শ্বেয়াৰ কৰিছে ৷ আৰু লিখিছে যে একতা কাপুৰে স্মৃতি ইৰানীৰ জনপ্ৰিয় ধাৰাবাহিকত কিউকী চাচ ভী কভি বহু থীত ফেছ এপ চেলেঞ্জত আগতেই বৃদ্ধ কৰিছিল ৷ অৰ্থাৎ ধাৰৰবাহিকখনত কাহিনীৰ তাগিদাত চৰিত্ৰটোক বৃদ্ধ কৰিছিল ।

অন্য খবৰৰ বাবে পঢ়ক: সদ্যহতে সৰ্বাধিক চৰ্চিত ফেচএপৰ ব্যৱহাৰত কিমান সুৰক্ষিত আপুনি ?

Next Story
চাকৰি