Begin typing your search above and press return to search.

সদ্যহতে সৰ্বাধিক চৰ্চিত ফেচএপৰ ব্যৱহাৰত কিমান সুৰক্ষিত আপুনি ?

সদ্যহতে সৰ্বাধিক চৰ্চিত ফেচএপৰ ব্যৱহাৰত কিমান সুৰক্ষিত আপুনি ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 July 2019 12:38 PM GMT

সদ্যহতে সৰ্বাধিক ব্যৱহৃত ফেচএপৰ ব্যৱহাৰত আপুনি কিমান সুৰক্ষিত ৷ বটল কাপ চেলেঞ্জৰ পিছত এইবাৰ নৱ প্ৰজন্মৰ মাজত চৰ্চা লাভ কৰিছে ফেছএপটোৱে । কাৰণ এই এপটোৰ জৰিয়তে আপুনি ৫০ বছৰৰ পিছত দেখিবলৈ কেনেকুৱা হ’ব সেইয়া চাব পাৰে ৷ বিগত কেইদিনমানৰ পৰা ছচিয়েল মিডিয়াৰ হুৱাটছ এপ,ফেছবুক,ইনষ্টাগ্ৰাম সকলোতে এই ফেছএপটোৱে কেনেধৰণে সকলো লোককে সাঙুৰি লৈছে, সেয়া সকলোৰে জ্ঞাত ৷

কেৱল সাধাৰনলোক বা যুৱক যুৱতীসকলেই নহয় ফেছএপৰ মোহত পৰিছে হলীউড, বলীউড তথা সৰু পৰ্দাৰ চেলীব্ৰেটীসকল ৷পিছ পৰি থকা নাই ৰাজনীতিবিদ সকলো ৷ৰাজনৈতিক নেত্ৰী আৰু অভিনেত্ৰী স্মৃতি ইৰানীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে ফেছএপত এখন ফটো শ্বেয়াৰ কৰিছে ৷ আৰু লিখিছে যে একতা কাপুৰে স্মৃতি ইৰানীৰ জনপ্ৰিয় ধাৰাবাহিকত কিউকী চাচ ভী কভি বহু থীত ফেছ এপ চেলেঞ্জত আগতেই বৃদ্ধ কৰিছিল ৷ অৰ্থাৎ ধাৰৰবাহিকখনত কাহিনীৰ তাগিদাত চৰিত্ৰটোক বৃদ্ধ কৰিছিল ।

ইয়াৰ পিছতেই ধাৰাবাহিকখনৰ পৰিচালিকা একতা কাপুৰ আৰু অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰিছে ৷ কিন্তু আমি যে বিগত দিনসমূহত এই ফেছ এজিং এপটোত ব্যস্ত হৈ আছো ৷ এবাৰ আমি ভাবিছোনে আমি কিমান নিৰাপদ তথা সুৰক্ষিত ? আকৌ যিকোনো এজন ব্যক্তিয়ে যেতিয়া এপটো ডাউনলোড কৰিব বিছাৰে তেতিয়া বিভিন্ন নীতি নিয়মৰ মাজেৰে গৈহে ফেছএপটো ডাউনলোড কৰিব পাৰে ৷

এই এপটো সম্প্ৰতি যুৱ প্ৰজন্মৰ মাজত ইমানেই জনপ্ৰিয়তা লাভ কৰিছে যে প্ৰায় ১০০ মিলিয়নৰো অধিক লোকে ব্যৱহাৰ কৰিছে ৷ ফেছএপটো হৈছে এটি ৰুছিয়াৰ পৰা আৰম্ভ হোৱা এপ ৷ এই এপটোৰ জৰিয়তে আপোনাৰ যিকোনো এখন ফ’টোক বিভিন্ন ধৰণৰে দেখাত বৃদ্ধ কৰি দেখুওৱা হয় ৷এক বিশেষ তথ্য অনুসৰি পুৰণি ফিল্টাৰ সদ্যহতে ভাইৰেল হৈ পৰিছে ৷ সম্প্ৰতি এই এপটোত আৰু অধিক ফিল্টাৰ পোৱা যায় ৷ তাৰ ভিতৰত মুখত হাঁহি লগোৱা,বিভিন্ন ফিল্টাৰ সংলগ্ন কৰি ফ’টো খনক আৰু অধিক সুন্দৰ কৰা আদি ৷

এই এপটো আই অ’ এচ আৰু এনড্ৰইডত উপলব্ধ ৷কিন্তু এই এপটো বিনামূলীয়া নহয় ৷তিনি দিনৰ পিছত এপটোৰ কাৰণে ভাৰতত প্ৰতি বৰ্ষত ১৬৯৯ টকা দিব লাগে ৷ কিন্তু ইমান খিনি বিভিন্ন নীতি নিয়মৰ মাজেৰে গৈ ফটো এখন যেতিয়া এপটোত দিয়া হয়,এপটোৱে ৫০ বছৰৰ পিছত আপুনি কেনেকুৱা দেখিব এই সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিওতে,আপোনাৰ বিষয়ে কিমান পৰিমাণৰ তথ্য কঢ়িয়াই লৈ যায় ৷ সেয়া বিশেষকৈ মন কৰিব লগীয়া ৷ গতিকে এই এপটি সকলোৰে মাজত বিয়পি পৰিছে যদিও ফেচএপটো ব্যৱহাৰ কৰোঁতে সাৱধান হওক।

অন্য খবৰৰ বাবে পঢ়ক: ভ্ৰমণৰ কথা চিন্তা কৰিছে যদি নাযাব এইকেইটা ভৌতিক পথেৰে: হ’ব পাৰে আপোনাৰ বিপদ

Next Story
চাকৰি