ৰাজ্যত অতি শীঘ্ৰেই অবৈধ মহাবিদ্যালয়ৰ বিৰুদ্ধে তদন্ত

ৰাজ্যত অতি শীঘ্ৰেই অবৈধ মহাবিদ্যালয়ৰ বিৰুদ্ধে তদন্ত ৷ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে এন্টি কৰ’পশ্যন য়ুথ পাৱাৰ অসমৰ তথ্যত। লক্ষীমপুৰ আৰু ধেমাজী জিলাৰ ৪২ খন মহাবিদ্যালয়ক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অবৈধ বুলি ঘোষণা কৰাৰ পিছতো চৰকাৰী ধন লাভ কৰি আছে। এচিৱাইপিএে এই অবৈধ মহাবিদ্যালয়ৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক ৩৬ ঘন্টাৰ সময়সীমা বান্ধি দিছে ৷আৰু যদি তদন্তত বিফল হয় তেন্তে বিভাগটোৱে এই অবৈধ মহাবিদ্যালয়ৰ ৪২ জন অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব ৷
বুধবাৰে দিছপুৰৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি সংস্থাটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে ২০১৬ চনত লক্ষীম পুৰ আৰু ধেমাজীৰ ৪২ খন মহাবিদ্যালয়ক অবৈধ হিছাপে ঘোষণা কৰিছিল বিশ্ববিদ্যালয়খনৰ কাউন্সিল ডাইৰেক্টৰ ৰুপক শইকীয়াই। কিন্তু এতিয়াও এই মহাবিদ্যালয়সমূহ চৰকাৰী ধন লাভ কৰি আছে।
আৰটীআইৰ এক প্ৰতিবেদন অনুসৰি ২০১৮-১৯ চনত এই অবৈধ ৪২ খন মহাবিদ্যালয়ত প’ষ্ট মেট্ৰিক ছাত্ৰবৃত্তিৰ কাৰনে ধন লাভ কৰিছিল । ছাত্ৰবৃত্তি সম্পৰ্কত দিয়া তথ্য আনুসৰি অবৈধ মহাবিদ্যালয়সমূহে লাভ কৰা ধনৰ পৰিমাণ হৈছে লক্ষীমপুৰৰ মধ্য সোৱনশিৰী মহাবিদ্যালয়ে ২০১৫-১৬ চনত ২৮৮ জন ছাত্ৰৰ বিপৰীতে ২৪.৯৪ লাখ টকা,২০১৬ -১৭ চনত ১৬৮ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ১১.৩৯ লাখ টকা,২০১৭-১৮ চনত দহ জন ছাত্ৰৰ বিপৰীতে ৮৪.০০০ টকা,২০১৮-১৯ চনত ৯৭৩ জন ছাত্ৰৰ বিপৰীতে ৮০.৫৫ লাখ টকা লাভ কৰিছে ৷ঠিক তেনেদৰে অন্যান্য মহাবিদ্যালয় সমূহেও এনেধৰণে ধন প্ৰাপ্ত কৰা দেখিবলৈ পোৱা গৈছে ৷
উল্লেখ্য যে বিগত দিনত ৰাজ্যৰ জুনিয়ৰ মহাবিদ্যালয়ৰ সমূহৰ বিৰুদ্ধে তদন্ত হোৱাৰ কথা উত্থাপন হৈছিল ।অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদদে ৰাজ্যত চলি থকা জুনিয়ৰ মহাবিদ্যালয় সমূহৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ সিদ্ধান্ত লৈছে ৷পৰিষদে এখন কমিটী গঠন কৰিছে ।সোমবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞিয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে এক বিশেষ তথ্য অনুসৰি ৰাজ্যত কিছু জুনিয়ৰ মহাবিদ্যালয় বিনা অনুমতি অবিহনে চলি আছে৷
গতিকে আমি এই বিষয়টোৰ তদন্তৰ কাৰণে এখন কমিটী গঠন কৰিছো৷ইফালে বিকল্প বিষয় হিচাপে ইংৰাজী ভাষাটো থাকিব নে নাথাকিব ৷ সেই বিষয়েও ইতিমধ্যে চিন্তা কৰি থকা হৈছে বুলি মন্তব্য কৰে দয়ানন্দ বৰগোহাঞিয়ে ৷কাৰণ সাধাৰণ ইংৰাজী সকলো ছাত্ৰৰ কাৰণে অনিবাৰ্য বিষয়৷ ইফালে কিছুমান ছাত্ৰই আধুনিক ভাৰতীয় ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষা লয় ৷
অন্য খবৰৰ বাবে পঢ়ক:নাছালৈ ১০০ জন শিশুক প্ৰেৰণ কৰাৰ পদক্ষেপ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ
ভিডিঅ প্ৰতক্ষ্য কৰক:Three vehicles vandalized during Tazia Procession in Dibrugarh | The Sentinel News | Assam News