Begin typing your search above and press return to search.

নাছালৈ ১০০ জন শিশুক প্ৰেৰণ কৰাৰ পদক্ষেপ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ

নাছালৈ ১০০ জন শিশুক প্ৰেৰণ কৰাৰ পদক্ষেপ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Sep 2019 12:07 PM GMT

নাছালৈ ১০০ জন শিশুক প্ৰেৰণ কৰাৰ পদক্ষেপ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৷ সকলোৰে জীৱনৰ লক্ষ্য থাকে ৷ ব্যক্তিক্ৰম নহয় বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুত ৷ শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতে প্ৰকাশ কৰে যে সৰুতে তেওঁ এজন মহাকাশ বিজ্ঞানী হ’বলৈ বহুত আশা আছিল ৷কিন্তু সম্প্ৰতি সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে সুশান্ত সিং ৰাজপুতে৷

আকৌ সৰু পৰ্দাৰ লগতে বলীউডৰ এগৰাকী অভিনেতা হিছাপেহে নিজক প্ৰতিষ্ঠা কৰে অভিনেতাগৰাকীয়ে ৷ সুশান্ত সিং ৰাজপুতে কয় মই দুটা শিশুক নাছালৈ বিশেষ প্ৰশিক্ষণৰ কাৰণে পঠাইছিলো। আৰু তেওঁলোকে দুটা সোনৰ পদক লাভ কৰাৰো তথ্য দিয়ে ৷ লগতে সম্প্ৰতি তেওঁলোকে মহাকাশ গৱেষণা কেন্দ্ৰটোত প্ৰশিক্ষণ লৈ আছে।

সম্প্ৰতি সুশান্ত সিং ৰাজপুতে প্ৰায় ১০০ জন ল’ৰা ছোৱালীক নাছালৈ প্ৰেৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । সুশান্ত সিং ৰাজপুতে কয় এক সাক্ষাৎকাৰত কয় যে মই যেতিয়া সৰু আছিলো মই ভাবিছিলো যে মই নাছাৰ এগৰাকী বিজ্ঞানী হ’ম। কিন্তু সেই আশা বাস্তৱত পৰণত ন’হল। মই মোৰ কাৰণে এটা এটা বৃহৎ টেলীস্কোপ যন্ত্ৰও ক্ৰয় কৰি আনিছিলো।যিটোৱে ফৰকাল নিশা জোনটো পৰ্যবেক্ষণ কৰিব পাৰি ৷ইয়াৰ পিছত বিগত সময়ত মোৰ নাছালৈ যাবলৈ সৌভাগ্য হয় আৰু মই সৰকৈ এটা কৰ্মশালাত ভাগ লওঁ ৷

এবছৰৰ পিছত মই নাছালৈ দুজন ল’ৰা ছোৱালী পঠাও। তেওঁলোকৰ বহু প্ৰতিভাশালী শিশু আৰু তেওঁলোকৰ এজনে সোনৰ পদক জয়ী হৈ প্ৰশিক্ষণ লৈ আছে। গতিকে সম্প্ৰতি মই প্ৰায় ১০০ ল’ৰা ছোৱালী নাছালৈ প্ৰেৰণ কৰিবলৈ পদক্ষেপ লৈ আছো। অভিনেতা সুশান্ত সিং ৰাজপুতে ৰাষ্ট্ৰীয় মাধ্যমৰ এটা চেনেলত চন্দ্ৰযান২ ৰ এটা অনুষ্ঠানত ভাগ ল’ব। অন্যহাতে সুশান্ত সিং ৰাজপুতে নিতীশ তিৱাৰীৰ চিচোৰে নামৰ ছবিখনত অভিনয় কৰিছে । ছবিখনত শ্ৰদ্ধা কাপুৰ,বৰুন শৰ্মা,প্ৰতীক বাবৰ আৰু অন্য ন পুৰণি শিল্পীসকল ৷ এই ছবিখন মুক্তি লাভ কৰিছিল ৬ ছেপ্তেম্বৰত। এই ছবিখনে ইতিমধ্যে ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে,চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ২ ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছে ইছ’ৰোয়ে। এই কথা প্ৰকাশ কৰিছে ISRO ৰ মুৰব্বী কে ছিৱানে ৷ অৰ্বিটাৰে লেণ্ডাৰ বিক্ৰমৰ কিছুমান আলোক চিত্ৰ প্ৰেৰণ কৰিছে। ইফালে বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সম্প্ৰতি চেষ্টা কৰি আছে বুলি জনালে কে ছিৱানে।

অন্য খবৰৰ বাবে পঢ়ক:চন্দ্ৰযান২: ইছ’ৰোত বিজ্ঞানীসকলৰ মাজত স্থান পাইছে তিনিচুকীয়াৰ নিধি শৰ্মাই ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Renovation work carried out at ancient Jame Masjid Minaret in Nagaon

Next Story
চাকৰি